গুৱাহাটী,১১জুলাই: শুকুৰবাৰে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ গোশালাস্থিত মাধৱদেৱ নগৰত সংঘটিত হয় ভয়াৱহ ভূমিস্খলনৰ ঘটনা ৷ বৰষুণৰ ফলত পাহাৰৰ পৰা খহি অহা মাটিয়ে সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিলে অঞ্চলটোৰ এটা গুৰুত্বপূৰ্ণ পথ ৷ এই পথটোৰে মাধৱদেৱ নগৰৰ সংযোগ হয় দালবস্তি নামৰ অঞ্চলটোৰ সৈতে ৷ উল্লেখ্য যে এই পথটোৰ নিচেই তলতে বসবাস কৰে বহুকেইটা পৰিয়াল ৷ শনিবাৰৰ নিশা হোৱা ভূমিস্খলনত কথমপি প্ৰাণৰক্ষা পৰে পৰিয়াল কেইটাৰ লগতে বাসগৃহ সমূহ। ইতিমধ্যে ঘটনাস্থলীত জিলা প্ৰশাসন আৰু জৰুৰীকালীন সেৱাৰ লোক উপস্থিত হৈ বিপদজনকভাৱে থকা অৱস্থাৰ পৰা পৰিয়াল কেইটাক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে ।
ঘটনাস্থলিত উপস্থিত হোৱা প্ৰশাসন আৰু জৰুৰীকালীন সেৱাৰ লোকে অঞ্চলটোক অতি স্পৰ্শকাতৰ অৰ্থাৎ ভূমিস্খলন প্ৰৱণ এলেকা বুলি ঘোষণা কৰিছে ।সমান্তৰালকৈ প্ৰশাসনে পথচোৱা মুকলি কৰাৰ বাবেও কৰিছে ব্যৱস্থা ।
লগতে চাওকঃ পথৰ দাঁতিত জীৱন সংগ্ৰাম বৃদ্ধ শিল্পী দম্পতীৰ