ETV Bharat / city

Hike in land prices: চৰকাৰে বিচৰা ধৰণেই বৃদ্ধি পাব মাটিৰ মূল্য - বৃদ্ধি হ’ব মাটিৰ চৰকাৰী মূল্য

ৰাজ্যজুৰি মাটিৰ দাম বৃদ্ধিৰ বাবে প্ৰায় সাজু হৈছে অসম চৰকাৰ (Hike in land prices in Assam)৷ ৰাজ্যৰ ৰাজহ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে অলপতে এখন চৰকাৰী জাননী জাৰি কৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তক জনেলভিত্তিক মাটিৰ চৰকাৰী মূল্য বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ পিছতে মাটিৰ চৰকাৰী মূল্যবৃদ্ধিৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰা ৰাজহুৱা শুনানি সোমবাৰে অন্ত পৰে ।

Land price hike
চৰকাৰে বিচৰা ধৰণেই বৃদ্ধি পাব মাটিৰ মূল্য
author img

By

Published : Jan 15, 2022, 10:13 PM IST

গুৱাহাটী, ১৫ জানুৱাৰী: গুৱাহাটীকে ধৰি ৰাজ্যত চৰকাৰী মাটিৰ মূল্যবৃদ্ধি প্ৰায় অৱশ্যম্ভাৱী হৈ পৰিছে (Hike in land prices in Assam)৷ এক কথাত ক’বলৈ গ’লে অনতিবিলম্বে চৰকাৰে বিচৰা ধৰণেই ৰাজ্যত বৃদ্ধি হ’ব মাটিৰ চৰকাৰী মূল্য (Assam Government has fixed new Circle wise land prices)। চৰকাৰী মাটিৰ মূল্যবৃদ্ধিৰ ফলত খাজনা আৰু মাটি, ফ্লেটৰ পঞ্জীয়ন তথা দামো আকাশলংঘী হ’ব । কিন্তু ইয়াৰ পাছতো ৰাজ্যত এইপৰ্যন্ত হোৱা নাই বিষয়টোকলৈ কোনো প্ৰতিবাদ । কোনেও সংঘবদ্ধভাৱে ইয়াৰ বিৰূদ্ধে জনমত সৃষ্টিৰো চেষ্টা কৰা নাই ।

মাটিৰ চৰকাৰী মূল্যবৃদ্ধিৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰা ৰাজহুৱা শুনানি সোমবাৰে অন্ত পৰে । এই শুনানিত গুৱাহাটীত চৰকাৰী মাটিৰ মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি গুৱাহাটী ভূমি সংস্কাৰ কমিটীয়েহে মাত্ৰ এখন স্মাৰক-পত্ৰ দাখিল কৰে । কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জনোৱা মতে, কমিটীৰ আবেদন পৰীক্ষা হ’ব আৰু দুই-এদিনতে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।

উল্লেখ্য যে, ৰাজ্যৰ ৰাজহ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে অলপতে এখন চৰকাৰী জাননী জাৰি কৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তক জনেলভিত্তিক মাটিৰ চৰকাৰী মূল্য বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । ৰাজহ বিভাগৰ সেই নিৰ্দেশৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই গুৱাহাটী মহানগৰীৰ পাঁচটা ৰাজহ চক্ৰৰ কাৰ্যালয় ক্ৰমে গুৱাহাটী, দিছপুৰ, সোণাপুৰ, চন্দ্ৰপুৰ আৰু আজাৰাত নতুনকৈ মাটিৰ চৰকাৰী মূল্যৰ খচৰা প্ৰকাশ কৰি জাননী প্ৰকাশ কৰিছিল । এই খচৰাত ৭০০-৯০০ শতাংশ পৰ্যন্ত মাটিৰ চৰকাৰী মূল্যবৃদ্ধিৰ প্ৰস্তাৱ দিয়া হয় ।

মাটিৰ চৰকাৰী মূল্য বৃদ্ধি সন্দৰ্ভত ৰাইজৰ কিবা ওজৰ আপত্তি থাকিলে ১০ জানুৱাৰীৰ ভিতৰত জিলা উপায়ুক্তক লিখিতভাৱে জনাব পাৰিব বুলি জাননীত উল্লেখ আছিল । লক্ষণীয় যে, ৰাজহ বিভাগৰ প্ৰধান সচিবে চলিত জানুৱাৰীৰ পৰাই চৰকাৰী মাটিৰ মূল্য বৃদ্ধি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল । কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰকাশ কৰা ২০২০-২১ বৰ্ষৰ ভূমিৰ জনেল ভেল্যু ৰিপ’ৰ্টত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১০০ মিটাৰৰ ভিতৰত, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১০০ মিটাৰৰ বাহিৰত, মূলপথৰ পৰা ১০০ মিটাৰৰ ভিতৰত আৰু মূল পথৰ পৰা ১০০ মিটাৰৰ বাহিৰত, গড়কাপ্তানি পথৰ পৰা ১০০ মিটাৰৰ ভিতৰত আৰু গড়কাপ্তানি পথৰ পৰা ১০০ মিটাৰৰ বাহিৰত ইত্যাদি শ্ৰেণীত মাটিৰ চৰকাৰী মূল্য নতুনকৈ নিৰ্ধাৰণৰ প্ৰস্তাৱ দিয়ে । সেই অনুসৰি আজৰাৰ দক্ষিণৰাণী মৌজাৰ কৃষিভূমিৰ চৰকাৰী মূল্য ৭০০-৯০০ শতাংশ বৃদ্ধি কৰা হৈছে ।

একেদৰে দিছপুৰ ৰাজহ চক্ৰৰ ফটাশিলত ৭০-২০০ শতাংশ, বৰ্ষাপাৰাত ৭০-২০০ শতাংশ পৰ্যন্ত মাটিৰ চৰকাৰী মূল্য বৃদ্ধি কৰা হৈছে । গুৱাহাটী মহানগৰীৰ প্ৰায় সকলোবোৰ স্থানতে ৭০ৰ পৰা ১৫০-২০০ শতাংশ পৰ্যন্ত মাটিৰ চৰকাৰী মূল্য বৃদ্ধি কৰা হৈছে । উদাহৰণস্বৰূপে গুৱাহাটীৰ সাতগাঁৱত বৰ্তমান প্ৰতিকঠা মাটিৰ দাম ছয় লাখ টকা । প্ৰতিবিঘা মাটিৰ দাম ত্ৰিশ লাখ টকা । চৰকাৰী মূল্য ৭০ শতাংশ বৃদ্ধি কৰিলে সাতগাঁৱত মাটিৰ চৰকাৰী দাম হ’বগৈ প্ৰতিকঠাত ১০.২০ লাখ টকা৷ একেদৰে গুৱাহাটীৰ হাতীগাঁৱত বৰ্তমান প্ৰতিবিঘা মাটিত মাটিৰ মূল্য ৭৫ লাখ টকা, গীতানগৰত ৭০ লাখ টকা, জ্যোতিকুছিত ৫০ লাখ টকা, কাহিলিপাৰাত ৬০ লাখ টকা, খানাপাৰাত ৪০ লাখ টকা নিৰ্ধাৰিত হৈ আছিল । এই মূল্য নতুন বদ্ধিৰ্ত হাৰত ৭০ শতাংশলৈ বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে । গুৱাহাটীৰ সৰুমটৰীয়াত বৰ্তমানে প্ৰতিবিঘা মাটিৰ দাম ৮৭ লাখ টকা হৈ থকাৰ বিপৰীতে ইয়াৰ মূল্য ২০০ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে ।

উল্লেখ্য যে মাটিৰ চৰকাৰী মূল্য বৃদ্ধিৰ ফলত ভূমি ক্ৰয় বা ফ্লেটৰ পঞ্জীয়ন মূল্যও বৃদ্ধি পাব৷ ফ্লেটৰ প্ৰতিবৰ্গ ফুটৰ মূল্যৰ বৰ্তমানৰ তুলনাত বৃদ্ধি পাব৷ বৰ্তমান গুৱাহাটীৰ মূল বসতিপ্ৰধান অঞ্চলসমূহত চৰকাৰী হিচাপত প্ৰতিবৰ্গফুটত ১১৪০ টকাকৈ ৭ শতাংশ পঞ্জীয়ন কৰ আদায় দিব লাগে ফ্লেটৰ গ্ৰাহকে । মাটিৰ চৰকাৰী ভেল্যু বৃদ্ধিৰ ফলত প্ৰতিবৰ্গফুটৰ ফ্লেটৰ চৰকাৰী মূল্যও ১১৪০টকাৰ পৰা ৫০০০-৬০০০ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ফলস্বৰূপে গ্ৰাহকে ফ্লেট ক্ৰয়ৰ বিনিময়ত এতিয়াৰে পৰা ৪-৫ লাখ টকা পৰ্যন্ত কেৱল চৰকাৰকে পঞ্জীয়ন মাচুল আদায় দিব লাগিব । ভূমি ক্ৰয়ৰ ক্ষেত্ৰতো একেদৰে পঞ্জীয়ন মাচুল অভাৱনীয় হাৰত বৃদ্ধি হ’ব ।

ইফালে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ টেবুলত দ’ম বান্ধিছে ফ্লেট তথা মাটিৰ ক্ৰয়-বিক্ৰয়ৰ ফাইল । ভূমিৰ চৰকাৰী মূল্যবৃদ্ধিৰ ফলত গুৱাহাটীত ফ্লেট বা মাটিৰ পঞ্জীয়ন মাচুল বৃদ্ধি পাব যদিও ৰহস্যজনক কাৰণত বৰ্তমানৰ উপায়ুক্তই ফ্লেট বা ভূমিৰ ক্ৰয়-বিক্ৰয়ৰ পূৰ্বৰ ফাইলসমূহ নিষ্পত্তি নকৰাকৈ ওলোমাই ৰাখিছে । ইয়াৰ ফলত চৰকাৰে দৈনিক বুজন পৰিমাণৰ পঞ্জীয়ন ৰাজহ হেৰুৱাবলগীয়া হোৱাৰ বিপৰীতে ক’ভিডৰ অনিশ্চিত পৰিস্থিতিত ফ্লেট ক্ৰয় কৰা গ্ৰাহকেও উৎকণ্ঠাত ভুগিব লগা হৈছে ।

লগতে পঢ়ক: শান্তি আলোচনা প্ৰক্ৰিয়া সন্দৰ্ভত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱালৈ পৰেশ বৰুৱাৰ ফোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.