ETV Bharat / city

Aadhaar Enrolment: গুৱাহাটীত আধাৰ পঞ্জীয়ন ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ উপায়ুক্তৰ নিৰ্দেশ - Aadhaar Enrolment

শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই জিলা শিক্ষা বিভাগৰ বিষয়ববীয়াৰ লগত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে ৷ সভাত অংশগ্ৰহণ কৰি উপায়ুক্তগৰাকীয়ে বিদ্যালয়সমূহত থকা অসুবিধাসমূহ দূৰ কৰাৰ লগতে আধাৰ পঞ্জীয়নৰ কাম ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে (DC orders speedy completion of Aadhaar registration)৷

গুৱাহাটীত আধাৰ পঞ্জীয়ন ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ

author img

By

Published : Dec 24, 2021, 9:36 PM IST

গুৱাহাটী, ২৪ ডিচেম্বৰ: কামৰূপ মহানগৰ জিলাৰ সমগ্ৰ শিক্ষাৰ বিভিন্ন দিশৰ খতিয়ান ল’বলৈ বৃহস্পতিবাৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলা শিক্ষা বিভাগৰ বিষয়ববীয়াৰ লগত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় । অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি, বিদ্যালয় পৰিদৰ্শকে আদি কৰি বহুকেইগৰাকী বিষয়া উপস্থিত থকা এই সভাত উপায়ুক্তগৰাকীয়ে বিদ্যালয়সমূহৰ আন্তঃগাঠনি, প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ, আধাৰ কাৰ্ডৰ পঞ্জীয়ন আদিৰ ওপৰত বিশদ পৰ্যালোচনা কৰে ।

কামৰূপ মহানগৰ জিলাৰ যি কেইখন বিদ্যালয়ৰ পাইপ খোৱাপানীৰ ব্যৱস্থা আৰু ল'ৰা আৰু ছোৱালীৰ পৃথক টয়লেটৰ ব্যৱস্থা নাই, তাৰবাবে অনতিপলমে পদক্ষেপ গ্ৰহণৰ বাবে আৰু আধাৰ পঞ্জীয়নৰ কাম সম্পূৰ্ণ কৰাৰ বাবে উপায়ুক্তগৰাকীয়ে জিলা শিক্ষা বিষয়াক নিৰ্দেশ দিয়ে (DC orders speedy completion of Aadhaar registration) । সভাত বক্তব্য ৰাখি জিলা উপায়ুক্তগৰাকীয়ে কয় যে, শিক্ষাৰ কোনো বিকল্প নাই । দুখীয়া লোক এজনেও শিক্ষা অৰ্জনৰ জৰিয়তে আৰ্থিক অৱস্থা স্বচ্ছল কৰি তুলিব পাৰে ।

আনহাতে দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰে আলোকিত কৰাৰ ক্ষেত্ৰত শিক্ষা প্ৰদানৰ লগতে মৰমৰ প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ বেছি শিক্ষক থকা বিদ্যালয়ৰ পৰা শিক্ষক নি ঘৰে ঘৰে পাঠদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে । দি উপায়ুক্তগৰাকীয়ে সভাত লগতে যিসমূহ বিদ্যালয়ত ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথক টয়লেটৰ ব্যৱস্থা নাই, তাৰ তালিকা প্ৰস্তুত কৰি ব্যৱস্থা গ্ৰহণৰ বাবে জিলা শিক্ষা বিষয়াক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: Food Civil Supply Department Operation : চিৰাঙত খাদ্য অসামৰিক যোগান বিভাগৰ অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.