ETV Bharat / city

Dipor Bil: দীপৰ বিলত হাউচ ব'ট স্থাপনৰ সিদ্ধান্ত পৰ্যটন বিভাগৰ - Dipor Bil

ঐতিহাসিক দীপৰ বিলত স্থাপন হ’ব হাউচ ব'ট (Houseboat to be installed in Dipor Bil)৷ বৃহস্পতিবাৰে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই কথা প্ৰকাশ কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাই ৷

Dipor Bil
দীপৰ বিলত হাউচ ব'ট স্থাপনৰ সিদ্ধান্ত পৰ্যটন বিভাগৰ
author img

By

Published : Dec 18, 2021, 9:22 PM IST

গুৱাহাটী, ১৮ ডিচেম্বৰ: অসমৰ পৰ্যটন ক্ষেত্ৰক উজ্জীৱিত কৰাৰ উদ্দেশ্যে পৰ্যটন বিভাগে আন এক নতুন উদ্যোগ গ্ৰহণ কৰিছে । জনতা ভৱনত বৃহস্পতিবাৰে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী বিমল বৰাই পৰ্যটন আৰু বন বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে । মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তমৰ্মে বন বিভাগে দীপৰ বিলত হাউচ ব'ট স্থাপনৰ অনুমতি প্ৰদান কৰিব(Houseboat to be installed in Dipor Bil) । যাৰ ফলত ঐতিহাসিক দীপৰ বিলত পৰ্যটনৰ সম্ভাৱনীয়তা পূৰ্বতকৈ অধিক উন্নত হ'ব ৷

ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ যৌথ উদ্যোগত (Public private partnership) আৰ্হিত পৰিচালিত হ'বলগীয়া হাউচ ব'টসমূহ স্থাপনৰ বাবে ২০ টা উপযুক্ত স্থান চিনাক্ত কৰিবলৈ মন্ত্ৰী বৰাই বিষয়াসকলক নিৰ্দেশ দিয়ে ।

প্ৰকল্পটো নিৰ্মাণৰ সময়ছোৱাত পৰিৱেশৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে অঞ্চলটোৰ প্ৰাকৃতিক নান্দনিকতা বজাই ৰাখিবলৈ উপস্থিত বিষয়াসকলৰ প্ৰতি মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত বিভাগীয় বহুকেইগৰাকী বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক: আদানী গ্ৰুপৰ হাতত বিমান বন্দৰ : সূচনা হৈছে ইটোৰ পিছত সিটো বিতৰ্কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.