ETV Bharat / city

ৰাজ্যৰ ২২ হেজাৰ ছাত্ৰীলৈ স্কুটি প্ৰদান কৰিব ৰাজ্য চৰকাৰে

জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ সম্বোধন কৰি শিক্ষকক নিযুক্তিকে আদি কৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ উচ্চতৰ মাধ্যমিকত প্ৰথম স্থানত উৰ্ত্তীণ ২২ হাজাৰ ছাত্ৰীক বিনামূলীয়াকৈ স্কুটি প্ৰদান কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী জনে ৷

HIMANATA BISWA SARMA PRESSMEET AT GUWAHATI JANATA BHABAN
ৰাজ্যৰ ২২ হেজাৰ ছাত্ৰীলৈ স্কুটি প্ৰদান কৰিব ৰাজ্য চৰকাৰে, সংবাদমেল ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Aug 18, 2020, 9:40 PM IST

গুৱাহাটী, ১৮ আগষ্টঃ মঙলবাৰে জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ সম্বোধন কৰে । উক্ত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে শিক্ষা বিষয়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে । সেই বিষয় কেইটা হ'ল ১৯৭ খন হাইস্কুলক আৰু ২৭ খন মহাবিদ্যালয়ক প্ৰাদেশীকৰণৰ কৰা হ'ব । মুঠ ৩৫৫ খন শিক্ষানুষ্ঠান প্রাদেশিকীকৰণ কৰা হ'ব। মাধ্যমিক শিক্ষা পৰিষদৰ ৩০৪৯ জন শিক্ষকক নিযুক্তি। উচ্চ শিক্ষাৰ অধীনত ৯৩১জন শিক্ষকক নিযুক্তি। মুঠ ৩,০৪৯ জন শিক্ষকৰ পদ প্ৰাদেশীকৰণ কৰা হ’ব। ছেপ্তেম্বৰ মাহত ৭,৪৪০টা হাইস্কুলৰ শিক্ষকৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হ'ব । ২৭ আগষ্টত ৩০০ গৰাকী, প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তি দিয়াৰ কথাও ঘোষণা কৰে । ৰাজ্যৰ মহাবিদ্যালয় সমূহত ২৫ শতাংশ আসন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে । কেৱল চলিত বৰ্ষৰ বাবেহে এই সিদ্ধান্ত গ্ৰহণ কৰে । হায়াৰ চেকেণ্ডাৰী কাউন্সিলৰ বাবে হ'ব এই আসন বৃদ্ধি ।

ৰাজ্যৰ ২২ হেজাৰ ছাত্ৰীলৈ স্কুটি প্ৰদান কৰিব ৰাজ্য চৰকাৰে, সংবাদমেল ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নেচনেল এডুকেচনেল পলিচী অসমত কাৰ্যকৰী কৰাৰ বাবে এখন পৰামৰ্শদান কমিটি গঠন কৰাৰ কথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে । এই কমিটিখনত সদস্য সচিব হিচাবে শিক্ষা বিভাগৰ আয়ুক্ত সচিব হিচাবে থকাৰ উপৰি সদস্য হিচাপে থাকিব মিহিৰ কান্তি চৌধুৰী, সাংস্কৃতিক বিভাগ, ক্ৰীড়া বিভাগৰ আয়ুক্ত সচিব, ৰমেশ জৈন, দয়ানন্দ বৰগোহাঁই, নৱাব মেহবুব হুছেইন, ধীৰাজ বৰা, ডম্বৰুধৰ নাথ, দিবাকৰ ডেকা, অমলেন্দু চক্ৰৱৰ্তী, মনীষা বেহেল, অলক বুঢ়াগোহাঁই, কমল মল্লযুদ্ধ বৰুৱা, হিতেশ ডেকা, বীৰেন দাস, গৌতম মজুমদাৰ, উৎপল শৰ্মা, বিনীতা দত্ত, মনোজ দাস, চন্দন শৰ্মা, জ্যোতিপ্ৰসাদ, মেঘালী সেনাপতি, যোগেশ শৰ্মা, নৰেন্দ্ৰ লহকৰ, দিব্যজ্যোতি, নিৰ্মল বৰুৱা, দিলীপ কলিতা, ননীগোপাল মহন্ত, গুমটি দাস, প্ৰশান্ত বড়ো, উদ্ধৱ ভৰালী, ডাঃ ইলিয়াছ আলী, হেমেন ভট্ট ৰীমা দাস, দেৱজিত শইকীয়া, মঞ্জু বৰা, বীৰেন সিংহ, উপেন ৰাভা হাকাছাম, অলকা দেশাই শৰ্মা, পৰমা সোণোৱাল । এই কমিটিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ৰাজ্যৰ শিক্ষা ব্যৱস্থাক আগবঢ়াই নিয়াৰ বাবে পৰামৰ্শ আগবঢ়াব বুলি মন্ত্ৰী গৰাকীয়ে জনায়।

ইয়াৰোপৰি সদ্যঘোষিত বাজেটত 'প্ৰজ্ঞান ভাৰতী এধাৰি মুকুতা' আঁচনিৰ জৰিয়তে ৰাজ্যৰ উচ্চতৰ মাধ্যমিকত প্ৰথম স্থানত উৰ্ত্তীণ ২২ হাজাৰ ছাত্ৰীক বিনামূলীয়াকৈ স্কুটি প্ৰদান কৰিব। ১৫ অক্টোবৰৰ ভিতৰত প্ৰদান কৰিব স্কুটি । আধুনিক স্কুটি আৰু ইলেক্ট্রিক স্কুটি প্ৰদান কৰিব। কিন্তু যিসকলে ইলেক্ট্রিক স্কুটী বিচাৰে তেওঁলোকে sebaonline.orgত হৈ নিৰ্বাচন কৰিব পাৰিব । লগতে তিনি বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব স্কুটিখন। প্ৰতিখন স্কুটিৰ বাবদ চৰকাৰে ব্যয় কৰিব ৫০-৫৫ হাজাৰ টকা।

ইফালে মহামাৰী ক'ভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৫ ছেপ্তেম্বৰত ১৫০ জন শিক্ষকক লৈ ৰাজ্যিকভাৱে উদযাপন কৰিব শিক্ষক দিৱস। কিন্তু বিদ্যালয়ত অনুষ্ঠিত কৰা নহয় এই শিক্ষক দিৱস। এইবাৰৰ শিক্ষক দিৱসত ছাত্ৰ সকলে অংশ ল'ব নোৱাৰাৰ কথাও ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে । ১ছেপ্তেম্বৰৰ পৰা কৰ্মস্থলীত উপস্থিত হ'ব লাগিব শিক্ষক-কৰ্মচাৰীসকল । কৰ'ণা টেষ্ট কৰিহে যোগদান কৰিব লাগিব কৰ্মস্থলীত । কিন্তু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্দেশ পালে অসমত খোলা হ'ব শিক্ষানুষ্ঠান ।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে ভাদ মাহত নামঘৰলৈ অধিক লোকৰ অহা-যোৱা দেখা যায় বুলি উল্লেখ কৰি ক'ভিডৰ সময়ত সকলো লোককে সাৱধান হ’বলৈ আহ্বান জনায় । ১৫ জনতকৈ অধিক লোকক নামঘৰত একেলগে সমবেত নোহোৱাৰ আহ্বান মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ।

লগতে পঢ়ক- গৃহভূমিতেই প্ৰতিবাদৰ সন্মুখীন হ'ব যতীন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.