গুৱাহাটী, 20 আগষ্ট: সংকটৰ ডাৱৰে আৱৰিছে উত্তৰ পূৱৰ চাহ উদ্যোগ ৷ ছাহিদা আৰু যোগানৰ মাজত অসামঞ্জস্যৰ ফলত এতিয়া গভীৰ সংকটতত পৰিছে 170 বছৰীয়া চাহ উদ্যোগটো ৷ যাৰ ফলত এতিয়া চৰকাৰক সহায়ৰ বাবে অপেক্ষা কৰিছে অঞ্চলটোৰ চাহ উদ্যোগী সকলে ৷ যোৱা কিছুবছৰ ধৰি বৰ্ধিত উৎপাদন ব্যয়,চাহিদা আৰু যোগানৰ মাজত অসামঞ্জস্যতাৰ ফলত বিপদত পৰিছে ভাৰতবৰ্ষৰ চাহ উদ্যোগ ৷ শেহতীয়াকৈ চাহৰ উৎপাদন বৃদ্ধি পোৱাত হ্ৰাস পাইছে চাহিদা যাৰ ফলত উৎপাদন ব্যয়তকৈ বহু কম মূল্যত বিক্ৰী কৰিবলগীয়া হৈছে চাহ ৷ তাৰ উপৰিও চাহ নিলামত উচ্চ লেন-দেন আৰু যথোচিত মূল্যৰ সন্ধানৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যহ্বানসমূহ,জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা প্ৰতিকূলতা সমূহৰ প্ৰেক্ষাপটত হোৱা মূল্যৰ স্থবিৰতাৰ ফলস্বৰূপে এতিয়া ব্যাপক চাপ পৰিছে দেশৰ অন্যতম প্ৰধান উদ্যোগটোত ৷ যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত ৷
চাহ উদ্যোগটোৰ এই সংকটৰ সময়ত চৰকাৰক উদ্যোগটো ৰক্ষাৰ বাবে আহ্বান জনাইছে উত্তৰ পূবৰ চাহ উদ্যোগীসকলে ৷ ৰপ্তানি বৃদ্ধি কৰা,ঘৰুৱা সেৱন বৃদ্ধি কৰা, চাহ অঞ্চলসমূহৰ সম্প্ৰসাৰণৰ নীতিৰ সমীক্ষা,কেঁচা পাতৰ বাবে নিম্নতম মাপকাঠিৰ মূল্য থিৰ, চাহ খণ্ডত চৰকাৰৰ সমাজ কল্যাণ আঁচনিসমূহ প্ৰয়োগ কৰা,নিলামৰ সংশোধন,চাহ উদ্যোগৰ বাবে আৰ্থিক সহায়ৰ পেকেজ আগবঢ়োৱাৰ বাবে এতিয়া চৰকাৰক গোহাৰি জনাইছে চাহ উদ্যোগী সকলে ৷
উল্লেখযোগ্যযে ১৭০ বছৰৰো অধিক পুৰণি ভাৰতৰ চাহ উদ্যোগটোয়ে দেশৰ ১.২ মিলিয়ন লোকক কৰ্মসংস্থাপন প্ৰদান কৰি আহিছে। ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে চতুৰ্থ সৰ্ববৃহৎ চাহ ৰপ্তানিকাৰী দেশ । ভাৰতৰ মুঠ চাহ উৎপাদনৰ ৫০ শতাংশ চাহ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰে আৰু তেওঁলোকে নিজৰ জীৱিকা নিৰ্বাহৰ বাবে এই উদ্যোগৰ সম্পূৰ্ণৰূপে নিৰ্ভৰশীল । এনে অৱস্থাত ভাৰতৰ চাহ উদ্যোগৰ এনে সংকট অতি চিন্তনীয় বিষয়।