ETV Bharat / city

মহানগৰীৰ মাজমজিয়াত গঢ়ি উঠিছে এখন পক্ষী উদ্যান - Guwahati boy sets up micro bird sanctuary

ক্ষুদ্ৰ পক্ষী উদ্যান আৰু মীন পালনেৰে স্বাৱলম্বিতাৰ নিদর্শন ৷ ঘৰৰ চাদত পক্ষী উদ্যান স্থাপন আৰু মীন পালন কৰি নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলিছে এগৰাকী যুৱকে (guwahati boy sets up micro bird sanctuary atop residential building) ৷ এই ক্ষুদ্ৰ পক্ষী উদ্যানখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

young-ideal-man-is-showing-signs-of-self-sufficiency-through-small-bird-park-and-fish-farming-at-guwahati
স্বাৱলম্বীতাৰ অন্যতম নিদৰ্শন মহানগৰীৰ মনিষ বৰা
author img

By

Published : Dec 21, 2021, 1:28 PM IST

গুৱাহাটী, 21 ডিচেম্বৰ : কংক্ৰিটৰ মহানগৰীত জীৱ-জন্তু আৰু পক্ষীকূলৰ প্ৰতি থকা প্ৰেমৰ বাবে এগৰাকী উদীয়মান যুৱকে নিজ প্ৰচেষ্টাত মহানগৰীত গঢ়ি তুলিছে এখন ক্ষুদ্ৰ পক্ষী উদ্যান । সৰুৰে পৰা জীৱ-জন্তু পোহাৰ ক্ষেত্ৰত আগ্ৰহী এই যুৱকজনে ঘৰৰ চাদৰ ওপৰতে বিজ্ঞানসন্মতভাৱে গঢ়ি তুলিছে এখন ক্ষুদ্ৰ পক্ষী উদ্যান (Guwahati boy sets up micro bird sanctuary atop residential building) ৷

অকল চৰায়ে নহয়, থলুৱা আলংকাৰিক মাছ পালন কৰি নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলিছে যুৱকজনে (Attains self sufficiency through ornamental fish rearing) ৷

স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন মহানগৰীৰ মনিষ বৰা

খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ মনীষ বৰাই নিজাববীয়া প্ৰচেষ্টাৰে আৰম্ভ কৰা এই ক্ষুদ্ৰ পক্ষী উদ্যানখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ পক্ষী ভাল পোৱা ছয়মাইলৰ শিৱ মন্দিৰ পথৰ বাসিন্দা মনীষ বৰাই জনোৱা মতে, 2018 চনৰ পৰাই বিজ্ঞানসন্মতভাৱে স্থাপন কৰা পাৰ চৰাইৰ ফাৰ্মখনত সম্প্ৰতি প্ৰায় 18-20 বিধ মান পাৰ চৰাই আছে । ইয়াৰোপৰি এই ক্ষুদ্ৰ পক্ষী উদ্যানখনত দেশৰ বিভিন্ন প্ৰান্তৰ চিৰাজি, বিউটী হোমাৰ, ৰাণ্ট আদিকে ধৰি প্ৰায় 20 টা প্ৰজাতিৰ পাৰ পুহিছে যুৱকজনে ৷

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে উত্তৰ-পূৱৰ পৰা বহু লোকে প্ৰায়ে ফাৰ্মৰ বাবে জীৱ-জন্তুপ্ৰেমী মনীষৰ পৰা পাৰ চৰাই ক্ৰয় কৰে বুলি জানিবলৈ দিয়ে ৷ এই উদ্যানখনৰ পৰা আত্মনিৰ্ভৰশীল হোৱা বুলিও মন্তব্য কৰে উদ্যমী যুৱকজনে ৷ উদ্যানখনত পালন কৰা প্ৰতিযোৰ পাৰ চৰাই 250 টকাৰ পৰা 10 হাজাৰ টকা পৰ্যন্তত বিক্ৰী হয় বুলি সদৰী কৰে যুৱকজনে ৷

আনহাতে, প্ৰায় 10 বিধ থলুৱা আলংকাৰিক মাছ সংৰক্ষণ কৰাৰ লগতে ৰুছিয়ান ডোৱাৰ্ফ কেম্বেল হেমষ্টাৰ পালন কৰি আন দহ জনৰ বাবে আদৰ্শ হৈ পৰিছে এই যুৱকজন । পৰৱৰ্তী সময়ত ৰাজ্যৰ পশুপালনৰ ক্ষেত্ৰখনত কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে মনীষ বৰাই । পশুবোৰক সুস্থ ৰখাৰ বাবে পৰিকল্পনা কৰা যুৱকজনে ৰাজ্যৰ ভেটেৰেনেৰী ক্ষেত্ৰত উপযুক্ত পশু বিষয়া নিযুক্তি দিবলৈ চৰকাৰক আহ্বান জনায় ৷

লগতে পঢ়ক : ATASU Protest in Jorhat : জনজাতিকৰণৰ দাবীত টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.