গুৱাহাটী, 4 অক্টোবৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ । পঞ্চমী উপলক্ষে মহানগৰীৰ মালিগাঁও কালীবাৰীত দুৰ্গা পূজাৰ শুভাৰম্ভণী কৰিলে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে । মা দুৰ্গাৰ আশীষ লোৱাৰ উপৰিও মা কালীৰ মন্দিৰত বিশেষ পূজা আগবঢ়ালে পত্নীসহ ৰাজ্যপালগৰাকীয়ে ।
সমাজত অসূয়া-অশান্তি দূৰ হোৱাৰ লগতে শান্তি-সম্প্ৰীতি গঢ়ি উঠাৰ বাবে মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা জনালে ৰাজ্যপাল মুখীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্লাষ্টিক বৰ্জনৰ আহ্বান জনোৱাৰ প্ৰতি লক্ষ্য ৰাখি কালীবাৰী পূজা কমিটিয়ে প্লাষ্টিক মুক্ত পূজা আয়োজন কৰা কাৰ্যক শলাগ ল'লে ৰাজ্যপাল মুখীয়ে । ইফালে এই অনুষ্ঠানতে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কালীবাৰী পূজা কমিটিৰ বাৰ্ষিক স্মৰণিকা ।