ETV Bharat / city

GMC in Action : বিপদত মহানগৰীৰ সহস্ৰাধিক শিক্ষানুষ্ঠান !

author img

By

Published : Dec 8, 2021, 4:30 PM IST

মহানগৰীৰ সহস্ৰাধিক শিক্ষানুষ্ঠানে পৰিশোধ কৰা নাই সম্পত্তি কৰ(property tax payment) ৷ এই ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে প্ৰযোজ্য কৰিছে নতুন নিয়ম ৷ শীঘ্ৰেই এখন জাননী জাৰি কৰা হ’ব বুলি জানিব দিয়ে নিগম কৰ্তৃপক্ষই ।

guwahati-gmc-to-take-action-against-schools-and-colleges-with-unpaid-property-taxes
মহানগৰীৰ সহস্ৰাধিক শিক্ষানুষ্ঠানে পৰিশোধ কৰা নাই সম্পত্তি কৰ

গুৱাহাটী, 8 ডিচেম্বৰ : গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ পাৰ্লাৰ, বিদ্যালয়, পাৰ্কিং স্থান আৰু বজাৰ সন্দৰ্ভত কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে (New notification by GMC) ৷ সেই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন পাৰ্লাৰ, বিদ্যালয়ৰ পাৰ্কিং স্থান, বজাৰ আদিৰ পৰা সংগ্ৰহ কৰা কৰৰ নতুন নিয়ম প্ৰযোজ্য কৰিছে ।

লগতে মহানগৰীৰ পাৰ্লাৰ আৰু চেলুনত বিপৰীত লিংগৰ দ্বাৰা মালিচ কৰাৰ ক্ষেত্ৰত আৰোপ কৰা বাধা আঁতৰ কৰা হৈছে যদিও এই ক্ষেত্ৰত বহু নীতি-নিয়ম পালন কৰিব লাগিব (body massage spa news) । এই সংক্ৰান্তত অতি শীঘ্ৰেই নতুন নীতি-নিৰ্দেশনা জাৰি কৰা হ'ব বুলি নিগম কৰ্তৃপক্ষই জানিবলৈ দিয়ে । ইয়াৰোপৰি নিগম কৰ্তৃপক্ষই জনোৱা মতে, এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ সকলো স্থানতে সংগ্ৰহ কৰিব নোৱাৰিব পাৰ্কিঙৰ বাবে মাচুল । কেৱলমাত্ৰ মহানগৰীৰ 9 টা পাৰ্কিঙৰ পৰাহে মাচুল সংগ্ৰহ কৰিব পাৰিব ।

জানিব পৰা মতে, এতিয়াৰে পৰা মহিলাই পুৰুষক মালিচ প্ৰদান কৰাৰ ক্ষেত্ৰত বন্ধ কোঠাৰ পৰিৱৰ্তে মুকলি ঠাইত কৰিব লাগিব । আনহাতে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ক্ষেত্ৰত সকলো বিদ্যালয় আৰু মহাবিদ্যালয়ে সম্পত্তি কৰ পৰিশোধ কৰিব লাগিব । এই কৰ পৰিশোধ সম্পৰ্কে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ বাবে শীঘ্ৰেই এখন জাননী জাৰি কৰা হ’ব বুলি জানিব দিয়ে নিগম কৰ্তৃপক্ষই(gmc notice will be released soon for schools and colleges regarding tax payment) ।

নিগম কৰ্তৃপক্ষই জনোৱা সূত্ৰ অনুসৰি মহানগৰীৰ 1000 ৰো অধিক বিদ্যালয় আৰু মহাবিদ্যালয়ে বৰ্তমানলৈ কোনোধৰণৰ সম্পত্তি কৰ পৰিশোধ কৰা নাই(Property tax not paid by thousands of Educational institutions in Guwahati) । ইফালে বজাৰৰ ক্ষেত্ৰখনত গুৱাহাটীত জি এম চিৰ অধীনত 6খন কৰ্তৃত্বপ্ৰাপ্ত বজাৰ আছে । ইয়াৰোপৰি অকৰ্তৃত্বশীলভাৱে বজাৰ স্থাপন কৰা একাংশ দালালৰ ক্ষেত্ৰত নিগম কৰ্তৃপক্ষই গ্ৰহণ কৰিব কঠোৰ পদক্ষেপ । এনে দালালৰ পৰা বজাৰত সাধাৰণ ব্যৱসায়ীসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ অহাৰ অভিযোগৰ ভিত্তিত নিগম কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈ উঠিছে ।

ইফালে পৌৰ নিগমে ভেণ্ডিং জ'ন স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছে । ইফালে জি এম চিয়ে গুৱাহাটীত থকা 43 টা পাৰ্কিং স্থান বিনামূলীয়া কৰিছে বুলি নিগম কৰ্তৃপক্ষই জানিব দিয়ে । লগতে কোনোবাই কৰ্তৃত্বপ্ৰাপ্ত প্ৰমাণ অবিহনে পাৰ্কিংৰ বাবে ধন আদায় কৰিলে জি এম চিৰ ওচৰত অভিযোগ কৰিব পাৰিব। আনহাতে গুৱাহাটী পৌৰ নিগমৰ তত্বাৱধানত থকা সকলো চিনেমা হল আৰু শ্বপিং মলে পাৰ্কিঙৰ বাবে কোনো ধন আদায় ল'ব নোৱাৰিব ।

লগতে পঢ়ক : Indian Army Chopper Crash : সেনাপ্ৰধান বিপিন ৰাৱটে যাত্ৰা কৰা হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত, নিহত তিনি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.