ETV Bharat / city

পশ্চিম গুৱাহাটীত পাঁচটা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন - আধাৰশিলা স্থাপন

পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰায় ৬৪ লাখ টকাৰে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া পাঁচটা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে । উন্নয়নমূলক কাম-কাজত ৰাইজক চকু ৰাখিবলৈ আহ্বান বিধায়কগৰাকীৰ ৷

Foundation stone of five new projects laid in West Guwahati
পশ্চিম গুৱাহাটীত পাঁচটা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন
author img

By

Published : Nov 10, 2021, 10:53 PM IST

গুৱাহাটী,১০ নৱেম্বৰ : ৰাজ্যত ক'ভিড পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ পাছত পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিৰ উন্নয়নৰ বাবে বিশেষ তৎপৰতা আৰম্ভ কৰিছে । আনকি ক'ভিডৰ বাবে আধৰুৱা হৈ থকা আঁচনি তথা প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । ইয়াৰ অংশ হিচাপে বুধবাৰে সমষ্টিটোৰ গ্ৰামাঞ্চলৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনস্থ আজাৰা গাঁও পঞ্চায়ত এলেকাত চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া পাঁচটা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয় ।

Foundation stone of five new projects laid in West Guwahati
পশ্চিম গুৱাহাটীত পাঁচটা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন

আধাৰশিলা স্থাপন কৰা প্ৰকল্পকেইটা হৈছে ক্ৰমে- ১০ লাখ টকা পুঁজিৰ কেওটপাৰাৰ শ্ৰীশ্ৰীমনসা মন্দিৰৰ সামূহিক গৃহ, ২৩.৮০ লাখ টকা পুঁজিৰ গোঁসাইপাৰাত পানী পৰিবাহী নলা নিৰ্মাণ ঢাকনিৰ সৈতে, ১০ লাখ টকা পুঁজিৰ ঠাকুৰীয়াপাৰাত সামূহিক গৃহ নিৰ্মাণ, ১০.৫০ লাখ টকা পুঁজিৰ চকৰদৌত ভি আই পি পথৰ পৰা ফুলেশ্বৰী টেৰণৰ ঘৰৰ সন্মুখলৈ পথ নিৰ্মাণ আৰু ৯.৬০ লাখ টকা পুঁজিৰ চকৰদৌ প্ৰাথমিক বিদ্যালয়ৰ সীমাৰ দেৱাল নিৰ্মাণ । এইদৰে প্ৰায় ৬৪ লাখ টকাৰে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

আনহাতে আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাসমূহত ভাগ লৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰতিটো নিৰ্মাণকার্য চলি থকা সময়ত অঞ্চলটোৰ ৰাইজক চকু ৰাখিবলৈ আহ্বান জনায় আৰু আঁচনি অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত যাতে সম্পন্ন হয় তাৰ কামনা কৰে । সভাত ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া লালৰেম চিয়ামী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা, ৰামচাৰাণী জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী, আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী, সহকাৰী অভিযন্তা মণিকা ৰাজকোঁৱৰ, কনিষ্ঠ অভিযন্তা গণেশ দাস, সচিব মৃদুল দাস, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰশান্ত মহন্ত, ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথ, অগপ নেতাদ্বয় পৰেশ বৰুৱা আৰু চন্দ্ৰধৰ দাস উপস্থিত থাকে ।

লগতে পঢ়ক : ক'ভিডৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিক্ষাৰ্থীসকলৰ বাবে কটন বিশ্ববিদ্যালয়ৰ বিশেষ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.