ETV Bharat / city

অগ্নিগৰ্ভা অসম: গুৱাহাটী, ডিব্ৰুগড়, ইম্ফললৈ কেইবাখনো বিমান বাতিল

author img

By

Published : Dec 12, 2019, 7:06 PM IST

গুৱাহাটী বিমান বন্দৰত 5 খনকৈ আন্তঃৰাজ্যিক বিমান বাতিল ৷ ভূটানে বাতিল কৰিলে গুৱাহাটী হৈ ছিংগাপুৰ যাব লগা আন্তঃৰাষ্ট্ৰীয় বিমান ৷

অগ্নিগৰ্ভা অসম: গুৱাহাটী, ডিব্ৰুগড়, ইম্ফললৈ কেইবাখনো বিমান বাতিল
অগ্নিগৰ্ভা অসম: গুৱাহাটী, ডিব্ৰুগড়, ইম্ফললৈ কেইবাখনো বিমান বাতিল

নিউজ ডেস্ক, 12 ডিচেম্বৰ: বুধবাৰে নিশা ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পাছত অসমত ক্ৰমাৎ উত্তাল হৈ পৰিছে কেব বিৰোধী আন্দোলন যাৰ ফলত গুৱাহাটীকে ধৰি ৰাজ্যৰ বহু চহৰত জাৰি কৰা হৈছে সান্ধ্য আইন ৷ ৰাজ্যখনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে কেইবাটাও বিমান কোম্পানীয়ে গুৱাহাটীকে ধৰি ডিব্ৰুগড় আৰু ইম্ফলত বাতিল কৰিছে কেইবাখনো বিমান ৷ গুৱাহাটী বিমান বন্দৰত স্পাইছ জেটে বাতিল কৰিছে 2 খনকৈ আন্তঃৰাজ্যিক বিমান, একেদৰে বাতিল হৈছে আন তিনিখন বিমান ৷ বাতিল হোৱা বিমান কেইখনৰ নম্বৰ হ'ল SG 3747/3748, SG 3319/3320, 6E 596, 186, 112 ৷ আনকি সাময়িক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভূটানেও বাতিল কৰিছে গুৱাহাটী হৈ ছিংগাপুৰ যাব লগা আন্তঃৰাষ্ট্ৰীয় বিমান ৷

ইফালে, ডিব্ৰুগড় বিমান বন্দৰতো ইণ্ডিগোৰ 6E9206 (A320) কলতাকা-ডিব্ৰুগড় বিমানখন বাতিল কৰা হৈছে ৷ আনহাতে ইম্ফল গুৱাহাটীৰ মাজতো বিমান বাতিল কৰা হৈছে ৷ বিমান কোম্পানী কেইটাই যাত্ৰীসকলক নিজৰ লগত অত্যাৱশ্যকীয় সামগ্ৰী সমূহ মজুদ ৰাখিবলৈ আহ্বান জনাইছে ৷ অৱশ্যে পৰিস্থিতি পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিলে পুনৰ বিমানসমূহৰ চলাচল আৰম্ভ কৰা হ'ব ৷

আৰু পঢ়ক: তেজপুৰত প্ৰতিবাদকাৰীয়ে জ্বলালে আৰক্ষীৰ বাহন

Intro:Body:

FLIGHT WERE CANCELLED FROM GHY AIRPORT

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.