ETV Bharat / city

বিশ্বৰ সৰ্বোচ্চ গিৰিপথ উম-লিং-লালৈ ‘এক্সপ্ল'ৰাৰ্ছ’ৰ সফল বাইক অভিযান

বিগত ৯ আগষ্টত গুৱাহাটীৰ পৰা বাইক ৰাইডাৰ উজ্জ্বল বৰাৰ নেতৃত্বত এটা দলে ১৯,৩০০ ফুট উচ্চতাৰ উম-লিং-লাহেলৈ যাত্ৰা কৰি মুঠ ৩৪ দিনত এই অভিযান সম্পন্ন কৰে (Explorers successful bike expedition to Umlingla) ৷

Explorers successful bike expedition to world highest mountain Umlingla
বিশ্বৰ সৰ্বোচ্চ গিৰিপথ উম-লিং-লালৈ ‘এক্সপ্ল'ৰাৰ্ছ’ৰ সফল বাইক অভিযান
author img

By

Published : Sep 15, 2022, 7:21 PM IST

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ: বর্তমান বিশ্বৰ সৰ্বোচ্চ গাড়ী যাব পৰা পথ ১৮,৩৭৯ ফুট উচ্চতাৰ খাৰ-ডুং-লা নহয় । ২০২১ চনৰ ২৯ ডিচেম্বৰৰ দিনা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লাডাখ-হিমালয়ত উদ্বোধন কৰা ১৯,৩০০ ফুট উচ্চতাৰ উম-লিং-লাহে বৰ্তমান বিশ্বৰ সৰ্বোচ্চ গাড়ী যাব পৰা গিৰিপথ বুলি ঘোষণা কৰা হৈছে (Worlds highest road at Umlingla Pass) ৷

ভাৰতীয় সেনাই নিৰ্মাণ কৰা এই গিৰি সংকটে ইতিমধ্যে ব্যাপক কৌতুহলৰ সৃষ্টি কৰিছে । এই সু-উচ্চ গিৰি সংকটলৈ অভিযান চলাই গুৱাহাটীলৈ ঘূৰি আহিছে দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল'ৰাৰ্ছৰ পাঁচজনীয়া বাইক ৰাইডাৰৰ এটা দল (Explorers successful bike expedition to Umlingla) ।

বাইক ৰাইডাৰ উজ্জ্বল বৰাৰ নেতৃত্বত যোৱা দলটোৱে বিগত ৯ আগষ্টত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি মুঠ ৩৪ দিনত এই অভিযান সম্পন্ন কৰে (World highest mountain Umlingla) । মটৰ চাইকেল আৰোহীৰ দলটোৱে এই যাত্ৰাপথত উম-লিং-লা, খাৰ-ডুং-লাৰ উপৰিও বিশ্বৰ ষষ্ঠ সৰ্বোচ্চ গাড়ী যাব পৰা গিৰি পথ ফটিলা, জজিলা গিৰি সংকট আদিও অতিক্ৰম কৰে ।

প্ৰচণ্ড শীত আৰু দুৰ্গম পথৰ বাবে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো দলটোৱে পিছুৱাই নাহি অভিযান সম্পন্ন কৰে । বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনৰ বেছ কেম্পৰ লগতে দ্বিতীয় শীতার্ত ঠাই ড্ৰাছ, কাৰ্গিল আদিও অতিক্ৰম কৰে ।

বহু ভয়াৱহ অভিজ্ঞতাৰ সন্মুখীন হোৱা দলটোৱে এই অভিযানকালত ৬ হাজাৰ কিলোমিটাৰৰো অধিক পথ অতিক্ৰম কৰে । অভিযানত দলটোৱে অতি দুৰ্গম ঝাস্কাৰ উপত্যকাৰ লগতে লাডাখ-হিমালয়ৰ আন কেইবাটাও আওঁহতীয়া এলেকা বাইকেৰে পৰিভ্ৰমণ কৰে । উজ্জ্বল বৰাৰ উপৰিও দলটোৰ আন সদস্যসকল হ’ল ছিৰাক্স কাহান, অভিলাষ শৰ্মা, উপমন্যু বৰদলৈ আৰু তপন দে' ।

যাত্ৰাপথত দুৰ্ঘটনাৰ বাবে দলটোৱে কেতবোৰ সমস্যাৰ সন্মুখীন হৈছিল যদিও এই প্ৰত্যাহ্বানসমূহ তেওঁলোকে সফলতাৰে অতিক্ৰম কৰে । বৃহস্পতিবাৰে অসম অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এখন সংবাদমেলত এই অভিযান সন্দৰ্ভত দলটোৰ সদস্যসকলৰ উপৰি দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ কাৰ্যকৰী সভাপতি প্ৰণয় বৰদলৈয়েও জানিবলৈ দিয়ে ।

সংবাদমেলত এক্সপ্ল'ৰাৰ্ছৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা আৰু সাধাৰণ সম্পাদক নন্দ দুলাল দাস উপস্থিত আছিল ।

লগতে পঢ়ক: বিজেপি চৰকাৰৰ দিনত বিদ্ৰোহী সংগঠনলৈ গৈছে ৰাজ্যৰ ১৫৬১ গৰাকী যুৱক-যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.