ETV Bharat / city

গুৱাহাটীত উচ্ছেদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

নুনমাটিৰ পদপথ বেদখল কৰা ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগম (Guwahati municipality)ৰ উচ্ছেদ (Eviction) অভিযান ৷ এনে হঠকাৰী সিদ্ধান্তক কেন্দ্ৰ কৰি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে পদপথৰ ব্যৱসায়ীকসকল ৷

author img

By

Published : Aug 6, 2021, 10:20 PM IST

Eviction By Guwahati municipality  At Nunmati
উচ্ছেদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

গুৱাহাটী, 6 আগষ্ট : গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই শুকুৰবাৰে নুনমাটিৰ কল্পভত্ত চকৰ পদপথত উচ্ছেদ (Eviction) অভিযান চলায় ৷ দীৰ্ঘ দিন ধৰি পদপথসমূহ বেদখল কৰি ব্যৱসায় চলাই আছিল একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে ৷ পদপদসমূহ বেদখল মুক্ত কৰিবলৈ সেই ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় প্ৰশাসনে। পৌৰ নিগম (Guwahati municipality) কৰ্তৃপক্ষই পুৱাৰ ভাগত চলোৱা এই অভিযানত অবৈধভাৱে বহা শাক-পাচলি,ফল-মূল,মাছ-মাংস আদিকে ধৰি ২৫ খনৰো অধিক ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান উচ্ছেদ কৰে ৷

লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বয় বস্তু সমূহ লৈ যায় পৌৰ নিগমে । ইফালে নিগমৰ এনে হঠকাৰী সিদ্ধান্তক কেন্দ্ৰ কৰি ব্যৱসায়ীসকলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ব্যৱসায়ী সকলে কৰা অভিযোগ অনুসৰি আগতীয়াকৈ কোনো জাননী নিদিয়াকৈ নিগম কৰ্তৃপক্ষই দোকান সমূহ উচ্ছেদ কৰে ৷ তাৰোপৰি উচ্ছেদ কাৰ্যত বাধা দিয়া একাংশ ব্যৱসায়ীক নিগম কৰ্তৃপক্ষই দুৰ্ব্যৱহাৰ কৰাৰ লগতে মাৰধৰো কৰিছে বুলি অভিযোগ কৰে ।

উচ্ছেদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

লগতে পঢ়ক- উৎপাদনত বৰ্ধিত ব্যয় : জীয়াই থকাৰ বাবে সংগ্ৰাম ৰাজ্যৰ চাহ উদ্যোগৰ

উল্লেখ্য যে, মহিৰুদ্দিন নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে দোকানৰ সামগ্ৰীখিনি নিবলৈ অহাত বাধা প্ৰদান কৰাৰ লগতে লোকজনক আৰক্ষীয়ে প্ৰহাৰ কৰে ৷ আৰক্ষীয়ে মহিৰুদ্দিনক মূৰত বেয়াকৈ আঘাত কৰাত গুৰুতৰভাৱে আহত হয় ।

ইফালে আংশিক লকডাউনৰ বাবে আৰ্থিক দৈন্যতাৰ সন্মুখীন হৈ কোনোমতে ক্ষুদ্র ব্যৱসায় কৰিয়েই নিজৰ লগতে পৰিয়ালটো পেটে-ভাতে চলাই আছে ৷ ব্যৱসায়ী সকলে পৌৰ নিগমপ এনে উচ্ছেদ কাৰ্যৰ ফলত এতিয়া বিমোৰত পৰিছে । ঠাইৰ অভাৱত ব্যৱসায় বন্ধ হ'লে কি কৰিব, ক’লৈ যাব, তাক লৈ বিবুদ্ধিত পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকল ৷

উচ্ছেদিত ব্যৱসায়ীসকলে চৰকাৰক তেওঁলোকৰ মনৰ অৱস্থা বুজিবলৈ আহ্বান জনাইছে ৷ শীঘ্ৰে তেওঁলোকক উপযুক্তভাৱে সংস্থাপিত কৰি পৰিয়ালৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত কাতৰ আহ্বান জনাইছে উচ্ছেদিত ক্ষুদ্ৰ ব্যৱসায়ীকসকলে ।

লগতে পঢ়ক - প্ৰমোদ বড়োলৈ সন্দেহৰ আঙুলি বাক্সাৰ শিক্ষক সমাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.