ETV Bharat / city

বিহুৰ পূৰ্বেই অসমত বিধানসভাৰ নিৰ্বাচন - নিৰ্বাচন আয়োগ

তিনিদিনীয়া পৰ্যালোচনা সভাৰ অন্তত ৰেডিশ্যন ব্লুত আয়োজন সংবামমেল ৷

বিহুৰ পূৰ্বেই অসমত বিধানসভাৰ নিৰ্বাচন
বিহুৰ পূৰ্বেই অসমত বিধানসভাৰ নিৰ্বাচন
author img

By

Published : Jan 20, 2021, 1:37 PM IST

নিউজ ডেস্ক, 20 জানুৱাৰী : গুৱাহাটীত আজি সংবাদমেল সম্বোধন কৰিছে দেশৰ নিৰ্বাচন আয়োগে ৷ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা নিৰ্বাচন আয়োগৰ দলটোৱে ৰেডিশ্যন ব্লুত সংবাদমাধ্যমক সম্বোধন কৰে ৷ 3 দিনীয়া পৰ্যালোচনা বৈঠকৰ অন্তত আজি সংবাদমাধ্যমক সম্বোধন কৰে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই ৷ সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্তৰ লগতে নিৰ্বাচন আয়ুক্ত, মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়ে তথা আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : প্ৰকাশ পালে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা

মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰা আৰু নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰা আৰু ৰাজীৱ কুমাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছিল ৷ ইয়াৰ পিচতেই অসমৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত বহুকেইখন বৈঠকত অংশগ্ৰহণ কৰিছিল দলটোৱে ৷ ইয়াৰ মাজতেই অসমৰ চূড়ান্ত ভোটাৰ তালিকাও প্ৰকাশ হৈছিল ৷ 2021ৰ চূড়ান্ত ভোটাৰ তালিকাত 2.46 শতাংশ ভোটাৰ বৃদ্ধি হৈছে অসমত ৷ প্ৰকাশিত ৰাজ্যৰ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত হৈছে মুঠ ২,২৯,৯২,৫০৫ গৰাকী ভোটাৰ আৰু ইয়াৰ ভিতৰত ১,১৬,৫৬,৯২৬ জন পুৰুষ তথা ১,১৩,৩৫,৫৭৯ গৰাকী মহিলা ভোটাৰ আছে ।

সংবাদ মেলত বহুকেইটা গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আলোচনা আগবঢ়ায় নিৰ্বাচন আয়োগৰ দলটোৱে ৷ অসমৰ বিধানসভা নিৰ্বাচনৰ নীতি-নিয়মৰ লগতে নিৰাপত্তা আৰু সুৰক্ষা আদি বিষয়ত আলোচনা আগবঢ়ায় মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই ৷ সম্পূৰ্ণৰূপে কোভিড নীতি-নিয়মৰ মাজেৰে অসমত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ শান্তিপূৰ্ণ, নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আশাবাদী মুখ্য নিৰ্বাচন আয়ুক্তগৰাকী ৷ আনহাতে নিৰ্বাচনী সভাৰ ক্ষেত্ৰত আগবঢ়োৱা হৈছে কিছু নিৰ্দেশনা ৷

মঙলবাৰে ৰেডিশ্যন ব্লুত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰে নিৰ্বাচনী আয়োগৰ দলটো বৈঠকত মিলিত হৈছিল । এই বৈঠকত ৰঙালী বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাত সন্মতি জনাইছিল ৰাজনৈতিক দলসমূহে ।

লগতে পঢ়ক : গুৱাহাটীত নিৰ্বাচনী আয়োগৰ বৈঠকঃ বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.