ETV Bharat / city

জু-ৰ'ডৰ গ্ৰেনেড বিস্ফোৰণ: আঠজনৰ বিৰুদ্ধে নিয়াই দাখিল কৰিলে অভিযোগ নামা - জু-ৰ'ডৰ গ্ৰেনেড বিস্ফোৰণ

অৱশেষত জু-ৰোডত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ অভিযুক্তসকলৰ বিৰুদ্ধে কি অভিযোগত গোচৰ চলোৱা হ'ব সেয়া নিশ্চিত কৰে ৷ পঢ়ক সবিশেষ ...

grenade-blast-charge-frame-against-eight-accused
জু-ৰোডত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ গোচৰ
author img

By

Published : Feb 4, 2022, 8:11 PM IST

গুৱাহাটী, 4 ফেব্ৰুৱাৰী : পুনৰ চৰ্চালৈ আঢ়ৈ বছৰ পূৰ্বে সংঘটিত হোৱা জু-ৰোডত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণ ৷ আলফা স্বাধীনে সু-পৰিকল্পিতভাৱে সংঘটিত কৰা এই বিস্ফোৰণত মুঠ 12 জন লোক আহত হৈছিল ৷ আহত লােকসকলৰ মাজত ২জন এছ এছ বিৰ জোৱানাে আছিল । 2019 চনৰ 15 মে’ত সংঘটিত হোৱা এই বিস্ফোৰণৰ লগত জড়িত 8 জন লোকৰ বিৰুদ্ধে শুকুৰবাৰে অভিযোগনামা দাখিল কৰিছে নীয়া আদালতে (NIA charge sheets eight regarding zoo road blast case) ৷

উল্লেখ্য যে, 2019 চনৰ 15 মে’ত সন্ধিয়া জু-ৰোডৰ ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ চেণ্টেল ম’লৰ সমীপত এক ভয়ংকৰ বিস্ফাৰণ সংঘটিত কৰিছিল ৷ এই ঘটনা সংঘটিত হোৱাৰ 12 ঘণ্টাৰ পাছতে আৰক্ষীয়ে তদন্ত কৰি ঘটনাৰ মূল অপৰাধীক আৰক্ষীয়ে আটক কৰিছিল ৷ তথ্য অনুসৰি এই সমগ্ৰ ঘটনাৰ পৰিকল্পনা মহানগৰীৰ পাঞ্জাবাৰীৰ বাঘৰবৰীত সংঘটিত হৈছিল ৷ আটকাধীন মূল অপৰাধী ক্ৰমে, আলফা নেতা প্ৰাণময় ৰাজগুৰু, অভিনেত্ৰী জাহ্নৱী শইকীয়া, পাপু কোঁচ, চিম্ময় লহকৰ, ইন্দ্ৰমোহন বৰা, প্ৰাক্তন আলফা অমৃত বল্লভ গোস্বামী , সঞ্জীৱ তালুকদাৰ আৰু প্ৰকাশ ৰাজকোঁৱৰ ৷ এই সমগ্ৰ ঘটনাৰ তদন্ত পৰৱৰ্তী পৰ্যায়ত 'নিয়া'ৰ হাতলৈ হস্তান্তৰ কৰা হৈছিল ।

লগতে পঢ়ক : Fuel Price: 7 বছৰত মাত্ৰ 30 শতাংশহে বাঢ়িছে পেট্ৰল আৰু ডিজেলৰ মূল্য : কেন্দ্ৰীয় মন্ত্ৰী

'নিয়া'ই তদন্ত কৰি ইতিমধ্যে নিয়াৰ বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছিল । অৱশেষত আদালতে অভিযুক্তসকলৰ বিৰুদ্ধে কি অভিযোগত গোচৰ চলোৱা হ'ব সেয়া নিশ্চিত কৰে । আদালতে অভিযুক্ত পাপু কোঁচৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 121/121(ক)/122/307/326/16(1)(খ) ধাৰা, বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ 18/20/23/25(1খ)/৩৫ ধাৰা আৰু বিস্ফোৰক আইনৰ 3/5/18(খ) ধাৰাৰ অধীনত গোচৰ চলোৱাটো নিশ্চিত কৰে । আনহাতে জাহ্নৱী শইকীয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 121/121(ক)/122 ধাৰা, বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ 13/16/16(1)(খ)/18/19/23(1)/38/39 ধাৰা, অস্ত্ৰ-শস্ত্ৰ আইনৰ 25(1) ধাৰা আৰু বিস্ফোৰক আইনৰ 5 ধাৰাৰ অধীনত গোচৰ চলোৱা হ'ব ।

প্ৰাণময় ৰাজগুৰুৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 121/121(ক)/122 ধাৰা, বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ 13/16(1)(খ)/18/23(1)/38/39 ধাৰা, অস্ত্ৰ-শস্ত্ৰ আইনৰ 25(1খ)/35 ধাৰা আৰু বিস্ফোৰক আইনৰ 5 ধাৰাৰ অধীনত গোচৰ চলোৱা হ'ব । চিন্ময় লহকৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 121/121(ক) ধাৰা, বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ 16(1)(খ)/18/20/3839 ধাৰাৰ অধীনত গোচৰ চলোৱা হ’ব ।

ইন্দ্ৰমোহন বৰাৰ বিৰুদ্ধে বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ 18/19/38/39 ধাৰাৰ অধীনত গোচৰ চলোৱা হ'ব । অমৃত বল্লভ গোস্বামীৰ বিৰুদ্ধে বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ 13/18(খ)/38/39 ধাৰাৰ অধীনত গোচৰ চলোৱা হ'ব । সঞ্জীৱ তালুকদাৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 121(ক) ধাৰা, বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ 18/38/39 ধাৰাৰ অধীনত গোচৰ চলোৱা হ'ব । আনহাতে প্ৰকাশ ৰাজকোঁৱৰৰ বিৰুদ্ধে বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ 13/38/39 ধাৰাৰ অধীনত গোচৰ চলোৱা হ'ব ।

লগতে পঢ়ক : APSC cash for job scam: কাৰ্যকাল বাঢ়িল ন্যায়াধীশ শৰ্মা আয়োগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.