ETV Bharat / city

সৃষ্টিশীল চৰকাৰ: এইবাৰ বিদ্যালয়ক লৈ নতুন সৃষ্টি

author img

By

Published : Sep 8, 2022, 7:49 PM IST

ৰাজ্য চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ বিভাগৰ আয়ুক্ত সচিব শান্তনু গোটমাৰেই 6 ছেপ্টেম্বৰত জাৰি কৰিছে এক নতুন নিৰ্দেশনা ৷ এই নিৰ্দেশনা যোগে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগ দুয়োটাকে একত্ৰিত কৰি নতুন নাম দিয়া হৈছে- বিদ্যালয় শিক্ষা বিভাগ (Department of School Education) ৷

Etv Bসৃষ্টিশীল চৰকাৰঃ এইবাৰ বিদ্যালয়ক লৈ নতুন সৃষ্টিharat
Etv Bhসৃষ্টিশীল চৰকাৰঃ এইবাৰ বিদ্যালয়ক লৈ নতুন সৃষ্টিarat

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ: ৰাজ্যৰ শিক্ষা বিভাগটোক লৈ যেন পৰীক্ষা-নিৰীক্ষাৰ অন্তই পৰা নাই চৰকাৰৰ ! কেতিয়াবা যদি সমগ্ৰ শিক্ষা বিভাগটোকেই থিয়ৈ থিয়ৈ কেইবাটাও ভাগত ভাগ কৰিছে, আন কেতিয়াবা আকৌ জোৰা লগাইছে ৷

তাৰ মাজতে মাতৃভাষাকেন্দ্ৰিক বিতৰ্ক, শিক্ষাৰ মাধ্যমকেন্দ্ৰিক বিতৰ্ক ইত্যাদি আছেই ৷ শেহতীয়াকৈ শিক্ষা বিভাগে লৈছে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ এতিয়াৰে পৰা প্ৰাথমিক শিক্ষা বিভাগ (Elementary Education Department) বা মাধ্যমিক শিক্ষা বিভাগ (Secondary Education Department) বুলি কোনো বিভাগ নাথাকিব ৷

সৃষ্টিশীল চৰকাৰঃ এইবাৰ বিদ্যালয়ক লৈ নতুন সৃষ্টি

ৰাজ্য চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ বিভাগৰ (Administrative Reforms Department) আয়ুক্ত সচিব শান্তনু গোটমাৰেই 6 ছেপ্টেম্বৰত জাৰি কৰিছে এক নতুন নিৰ্দেশনা ৷ এই নিৰ্দেশনা যোগে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগ দুয়োটাকে একত্ৰিত কৰি নতুন নাম দিয়া হৈছে- বিদ্যালয় শিক্ষা বিভাগ (Department of School Education) ৷

নিৰ্দেশনাটোত এই বুলিও স্পষ্ট কৰি দিয়া হৈছে যে এতিয়াৰে পৰা পূৰ্বৰ এই দুয়োটা বিভাগৰ অধীনত কাম কৰি থকা বিষয়া-কৰ্মচাৰী সকল পোনপটীয়াকৈ বিদ্যালয় শিক্ষা বিভাগৰ অধীনস্থ হ'ব ৷ কেৱল বিষয়া-কৰ্মচাৰীয়েই নহয়, পূৰ্বৰ এই দুটা বিভাগৰ অধীনত থকা সকলো সঞ্চালকালয় এতিয়াৰে পৰা বিদ্যালয় শিক্ষা বিভাগ নামৰ নতুন বিভাগটোৰ অধীনস্থ হ'ব বুলি নিৰ্দেশটোত কোৱা হৈছে ৷

লগতে পঢ়ক: বিধানসভাৰ বৰ্ষাকালীন অধিবেশনতে বাতিল হ'ব পুৰণিকলীয়া আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.