গুৱাহাটী, 13 অক্টোবৰ : জলসিঞ্চনৰ দুৰ্নীতিগ্ৰস্ত অভিযন্তা বলীন্দ্ৰ কুমাৰ দাসৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আৰটিআই (RTI) কৰ্মী দুলাল বৰা ৷ চৰকাৰী ধনৰ শৰাধ কৰি লুন্ঠনৰাজ চলোৱা দাসৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত গোচৰ ৰুজু কৰিছে দুলাল বৰাই ৷
কাৰ্বি আংলঙত কাৰ্যবাহী অভিযন্তাৰূপে কৰ্মৰত কালছোৱাত জলসিঞ্চন বিভাগৰ বিভিন্ন আঁচনিত লুন্ঠন চলাই অগাধ সম্পত্তিৰ অধিকাৰী হৈছিল অভিযন্তা বলীন্দ্ৰ কুমাৰ দাস ৷ ইয়াৰোপৰি, মহানগৰীৰ বেলতলা-সোণাপুৰকে ধৰি বিভিন্ন স্থানত দাসৰ প্ৰায় 200 কোটি অধিক টকাৰ সা-সম্পত্তি আছে বুলি জানিব পৰা গৈছে ৷