গুৱাহাটী, ২৩ মে’: ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ষ্টীফেন মেভলিক আটক (Don Bosco university VC Stephen Mevli detained) । জৰ্জ বৰদলৈক অত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ অভিযোগত আটক ফাডাৰ মেভলিক । জৰ্জ বৰদলৈৰ আত্মহত্যাৰ ঘটনাত নাম সাঙোৰ খাই পৰিছিল ষ্টীফেন মেভলিৰ । ইয়াৰ পিছতে সোণাপুৰ আৰক্ষীয়ে মেভলিক বহু সময় ধৰি জেৰা কৰে ।
সোমবাৰে অভিনেতা, সমাজকৰ্মী তথা ব্যৱসায়ী জৰ্জ বৰদলৈয়ে সোণাপুৰৰ হাতীমূৰাত থকা নিজ বাসগৃহত আত্মহনন কৰিছিল (George Bordoloi committed suicide)। বৰদলৈয়ে আত্মহত্যাৰ পূৰ্বে লিখি থৈ যোৱা চুইচাইড নোটত বহু বিস্ফোৰক তথ্য প্ৰকাশ পাইছিল । চুইচাইড নোটত আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰা অভিযোগ কৰিছিল ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উপাচার্যৰ বিৰুদ্ধে ।

অভিযোগ মতে, ষ্টীফেন মেভলিয়ে দিছিল বৰদলৈৰ বিৰুদ্ধে ভুৱা গোচৰ । ৫০ টকীয়া দলিলত জৰ্জ বৰদলৈয়ে লিখি থৈ গৈছে এই অভিযোগ । আত্মহত্যাৰ পূৰ্বে জৰ্জ বৰদলৈয়ে লিখি থৈ যোৱা চুইচাইড নোট পোহৰলৈ অহাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে (George Bordoloi suicide note)।

আত্মহত্যাৰ পূৰ্বে দুখনকৈ চুইচাইড নোট লিখি গৈছে বৰদলৈয়ে । নৱগ্ৰহত পিতৃ-মাতৃৰ অন্ত্যেষ্টিক্রিয়া কৰা স্থানতে শেষকৃত্য সম্পন্ন কৰাৰ কথা লিখি থৈ গৈছে বৰদলৈয়ে । ডনবস্ক’ৰ উপাচাৰ্যৰ বিৰুদ্ধে হস্তীদণ্ডী বন্ধ কৰাৰো অভিযোগ কৰি তেওঁ লিখি গৈছে যে, মেভলিয়ে হাতীৰ বসতিপূর্ণ এলেকাত আবাসিক এলেকা নিৰ্মাণ কৰিছে । চুইচাইড নোটৰ ভিত্তিত মেভলিক ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিবলৈ উল্লেখ কৰিছিল ।

আনহাতে, নাৰিকল, ৰবৰ আদি গছ ধ্বংস কৰাৰো অভিযোগ আনিছিল । পুত্ৰ পেট্ৰিকৰ বিৰুদ্ধেও ষ্টীফেন মেভলিয়ে ভুৱা গোচৰ দিয়াৰ অভিযোগ কৰে চুইচাইড নোটত । ইয়াৰ বাবে বহুদিন ধৰি বৰদলৈয়ে মানসিক চাপত ভুগি আছিল । ইপিনে পুত্ৰ পেট্ৰিক আৰু জেফলৈ আন এক পত্ৰ লিখি থৈ গৈছে বৰদলৈয়ে । মৃতদেহ তেওঁলোকক নমাবলৈ বাধা দিছে । আৰক্ষীকহে বিষয়টো জনাবলৈ পত্ৰত লিখিছে । অন্যথা, অযথা গোচৰৰ সন্মুখীন হ'ব লাগিব বুলি জৰ্জ বৰদলৈয়ে সকীয়াই দি থৈ গৈছে দুই পুত্ৰক ।
লগতে পঢ়ক: বটদ্ৰৱা থানা আক্ৰমণৰ ব্লুপ্ৰিন্টৰ আঁৰত কোন ?