ETV Bharat / city

হাতত থকা দাগ দেখি পিতৃয়ে চিনাক্ত কৰিলে নেহাৰ মৃতদেহ

author img

By

Published : Apr 14, 2021, 7:30 AM IST

Updated : Apr 14, 2021, 8:09 AM IST

মহানগৰীৰ বশিষ্ঠ পাটৰকূছিত যুৱতীৰ মৃতদেহ উদ্ধাৰ ৷ যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা যুৱতীগৰাকীৰ পিতৃয়ে হাতত থকা জন্মগত দাগৰ জৰিয়তে তেওঁৰ জীয়ৰী বুলি চিনাক্ত কৰে ৷

মহানগৰীৰ বশিষ্ঠ পাটৰকূছিত যুৱতীৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী, 14 এপ্ৰিল: মঙলবাৰে অসম মেঘালয়ৰ সীমামূৰীয়া এলেকাৰ এখন পিটনিত উদ্ধাৰ এটা মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো নেহা কুমাৰী নামৰ 20 বছৰীয়া এগৰাকী যুৱতীৰ বুলি চিনাক্ত হয় ৷ যুৱতীগৰাকী স্থানীয় এখন টেইলৰিঙৰ দোকানত কাম কৰিছিল ৷ যুৱতীগৰাকীৰ পিতৃয়ে জানোৱা মতে নেহা কামলৈ বুলি ওলাই গৈ যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ থাকে ৷

হাতত থকা দাগ দেখি পিতৃয়ে চিনাক্ত কৰিলে নেহাৰ মৃতদেহ

পাছত পৰিয়ালে নেহাৰ মৃতদেহটো পায় যদিও উদ্ধাৰ হোৱালৈ উৱঁলি যায় ৷ যুৱতীগৰাকীৰ পিতৃয়ে নেহাৰ হাতত থকা জন্মগত দাগৰ জৰিয়তহে তেওঁৰ জীয়ৰী বুলি চিনাক্ত কৰে । জানিব পৰা মতে এপ্ৰিল 10 তাৰিখে পাটৰকূছি অঞ্চলৰ এগৰাকী যুৱতী নিৰুদ্দিষ্ট হোৱাৰ স্থানীয় বশিষ্ঠ আৰক্ষী থানাত এক গোচৰ ৰুজু হৈছিল, একাংশ ৰাইজে ইয়াক লৈয়ো সন্দেহ প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে মৃতদেহটো চিনাক্তকৰণৰ বাবে দগ স্কোৱাড উপস্থিত হৈছিল ঘটনাস্থলীত ৷

লগতে পঢ়ক: বহি:ৰাজ্যত কৰ'ণা হৈ মৃত্যু বাক্সাৰ যুৱকৰ

Last Updated : Apr 14, 2021, 8:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.