ETV Bharat / city

১৭-১৮ জুনত উত্তৰ কামৰূপৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ঘোষণা - নলবাৰী জিলা উপায়ুক্তয়ো

কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰধিকাৰীৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনে উত্তৰ কামৰূপৰ উত্তৰ গুৱাহাটী, হাজো, কমলপুৰ, ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰ এলেকাৰ অধীনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান ১৭ আৰু ১৮ জুনত বন্ধ ঘোষণা কৰিছে । অৱশ্যে উক্ত দুয়োটা দিনতে পূৰ্ব নিৰ্দ্ধাৰিত সূচীমতে পৰীক্ষা সমূহ চলিব ।

১৭-১৮ জুনত উত্তৰ কামৰূপৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ঘোষণা

author img

By

Published : Jun 16, 2022, 6:47 PM IST

গুৱাহাটী, 16 জুন: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ অৰ্থাৎ ১৭ জুন আৰু পৰহি অৰ্থাৎ ১৮ জুনত কামৰূপ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি কৰা বতৰৰ আগলি বতৰাৰ পৰিপেক্ষিতত কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰধিকাৰীৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনে উত্তৰ কামৰূপৰ উত্তৰ গুৱাহাটী, হাজো, কমলপুৰ, ৰঙিয়া আৰু কঞা ৰাজহ চক্ৰ এলেকাৰ অধীনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান ১৭ আৰু ১৮ জুনত বন্ধ ঘোষণা কৰিছে (DC issued notice for close all education institutes in north kamrup for flood) ।

১৭-১৮ জুনত উত্তৰ কামৰূপৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ঘোষণা
১৭-১৮ জুনত উত্তৰ কামৰূপৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ঘোষণা

অৱশ্যে উক্ত দুয়োটা দিনতে পূৰ্ব নিৰ্দ্ধাৰিত সূচীমতে পৰীক্ষা সমূহ চলিব । স্মৰ্তব্য যে ইতিমধ্যে মুষলধাৰ বৰষুণৰ ফলত ৰাজধানী চহৰ গুৱাহাটীৰ বেছিভাগ অঞ্চলেই পানীৰ তলত ৷ যাৰ বাবে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই ইতিমধ্যে গুৱাহাটীৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে ৷ বিগত দুদিন ধৰি বন্ধ হৈ আছে গুৱাহাটীৰ সকলো স্কুল-কলেজ ৷ অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে নলবাৰীতো ৷ নলবাৰী জিলা উপায়ুক্তয়ো ইতিমধ্যে জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে ৷

লগতে পঢ়ক: বানত বুৰিছে 18 খন জিলা : বিপদসীমাৰ ওপৰেৰে বৈছে মানাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.