গুৱাহাটী,১৯ মাৰ্চ : ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে । ধৰ্ষণ, নাৰী সৰবৰাহ, যৌতুকৰ বাবে হত্যা, যৌন নিৰ্যাতন, অপহৰণ আদিৰ ঘটনা ৰাজ্যত দৈনিক সংঘটিত হৈছে । অসম আৰক্ষীৰ তথ্য মতে, ৰাজ্যত ধৰ্ষণৰ (Rape in Assam) ঘটনা ২০১৮ চনত ১৯০৯ টা সংঘটিত হোৱাৰ বিপৰীতে ২০১৯ চনত ১৯৫২ টা আৰু ২০২০ চনত ১৭৩৬ টা সংঘটিত হৈছে ।
ইপিনে, নাৰী সৰবৰাহকাৰীৰ (women trafficking case) ঘটনা ২০১৮ চনত ৭০ টা আৰু ২০১৯ চনত ৪৯ টাৰ বিপৰীতে ২০২০ চনত ৫৩ টা সংঘটিত হৈছে । যৌতুকৰ বাবে মৃত্যুৰ( Dowry Death) ঘটনা ২০১৮ চনত ১৬৬ টা, ২০১৯ চনত ১৬৫ টা আৰু ২০২০ চনত ১২৪ টা ঘটনা সংঘটিত হৈছে । আনহাতে স্বামীৰ অত্যাচাৰৰ বলি হোৱা (Cruelty by husband) ঘটনা ২০১৮ চনত ১১,৯৯৯, ২০১৯ চনত ১৩,৩২০ আৰু ২০২০ চনত ১১,৩৮৯ টা ঘটনা সংঘটিত হৈছে ।
নাৰী অপহৰণৰ( Kidnapping) ঘটনা ২০১৮ চনত ৬২৬৯ টা, ২০১৯ চনত ৬৩২৬ আৰু ২০২০ চনত ৪৭৯২ টা সংঘটিত হৈছে । আনহাতে, নাৰী নিৰ্যাতনৰ ঘটনা ২০১৮ চনত ৪১৪৩ টা , ২০১৯ চনত ৪৩৫৯ টা ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২০ চনত ৩৮২০ টা ঘটনা সংঘটিত হৈছে ।
ৰাজ্যত নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ ঘটনাৰ ভিতৰত গুৱাহাটী মহানগৰীতে ২০% সংঘটিত অধিক হোৱা পৰিলক্ষিত হয় । উল্লেখ্য যে, National Crime Records Bureau ৰ ২০২০ ৰ প্ৰতিবেদন মতে, ২০২০ চনত ৰাজ্যজুৰি মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা ২৬,৩৫২ টা সংঘটিত হৈছে । মুঠ ঘটনাৰ ভিতৰত, ১,৬৫৭ টা ধৰ্ষণৰ ঘটনা আছিল আৰু ৫০২ টা যৌতুকৰ সৈতে সম্পৰ্কিত ঘটনা আছিল । ২০১৯ চনত ৩০,০২৫ টা আৰু ২০১৮ চনত ২৭,৬৮৭ টা গোচৰ ৰুজু কৰা হৈছিল ৷
আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই শেহতীয়াভাৱে কটন বিশ্ববিদ্যালয়ত নাৰী দিৱসৰ এক অনুষ্ঠানত উপস্থিত থাকি কয় যে, নাৰীজনিত অপৰাধৰ গোচৰ পঞ্জীয়ন হোৱাৰ অৰ্থ এইটো নহয় যে অসমত নাৰী সুৰক্ষিত নহয় । বহু গোচৰ এনে আছে যাৰ বাস্তৱিক ভিত্তি নাই বুলি মন্তব্য কৰিছিল আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । তেওঁ কয়, ‘‘আমি এইটো নুই কৰিব নোৱাৰো যে তাৰ মাজতে অসমত নাৰীজনীত অপৰাধ সংঘটিত নোহোৱা নহয়’’ ।
বিশেষকৈ শিশুজনীত অপৰাধ আৰু POSCO আইনৰ অধীনত বহু অপৰাধৰ গোচৰ পঞ্জীয়ন হৈছে । মন কৰিবলগীয়া কথা যে শেহতীয়াভাৱে মহানগৰীত ৫ জন যুৱকে মিলি এগৰাকী ১৬ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে । যোৱা ৮ মার্চত ধৰ্ষিতা কিশোৰীৰ পৰিয়ালে পাণবজাৰ মহিলা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল । এজাহাৰৰ ভিত্তিত ১৯/২২ নম্বৰত ৰুজু হৈছিল গোচৰ । গোচৰ ৰুজু হোৱা ছদিনৰ পাছত আৰক্ষী জালত পৰিছিল ঘটনাৰ মূল অভিযুক্ত বিকি আলী ।
আৰক্ষীৰ জালৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলিত নিহত হৈছিল বিকি আলী । আনহাতে অন্য চাৰি অভিযুক্তৰ দুজন শুকুৰবাৰে আৰক্ষীৰ জালত পৰাৰ বিপৰীতে আন দুজন অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থাত আছে ।
APSC ৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত : ন্যায়াধীশ শৰ্মা আয়োগৰ প্ৰতিবেদন সাজু