ETV Bharat / city

Case against Subramaniam Swamy : ছবছৰীয়া গোচৰত দায়মুক্ত হ'ল সুব্ৰমণিয়াম স্বামী - গুৱাহাটী উচ্চ ন্যায়ালয়ত সুব্ৰমণিয়াম স্বামী গোচৰৰ শুনানি

বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনীষ চৌধুৰী আদালতে ভাৰ্চুৱেলভাৱে বিজেপিৰ শীৰ্ষ নেতা সুব্ৰমণিয়াম স্বামী বিৰুদ্ধে ৰুজু গোচৰৰ শুনানি গ্ৰহণ কৰে(Court dismisses the case against Subramaniam Swamy) ৷ এই গোচৰত আবেদনকাৰীৰ হৈ এইচ আৰ এ ছৌধুৰী, এফ ইউ বৰসূৰ্য আৰু আৰ এ চৌধুৰীয়ে এই শুনানিত আবেদনকাৰীৰ হৈ যুক্তি প্ৰদৰ্শন কৰে ।

court-dismisses-the-case-against-subramaniam-swamy
ছবছৰীয়া গোচৰত দায়মুক্ত হ'ল সুব্ৰমণিয়াম স্বামী
author img

By

Published : Dec 9, 2021, 2:15 PM IST

গুৱাহাটী, 9 ডিচেম্বৰ : অৱশেষত গোচৰমুক্ত হ'ল বিজেপিৰ শীৰ্ষ নেতা সুব্ৰমণিয়াম স্বামী ৷ বৃহস্পতিবাৰে এক দীঘলীয়া শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনীষ চৌধুৰী আদালতে ভাৰ্চুৱেলভাৱে এই শুনানি ঘোষণা কৰে(Court dismisses the case against Subramaniam Swamy) ৷ উল্লেখ্য যে বিগত 2015 চনতে কৰিমগঞ্জৰ নিম্ন আদালতত ড৹ সুব্ৰমণিয়াম স্বামীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল ৷

কৰিমগঞ্জ এছ ডি জে এম আদালতত 4186/2015 নম্বৰৰ অধীনত এই গোচৰ গ্ৰহণ কৰা হৈছিল(Case against Subramaniam Swamy) ৷ এই গোচৰটোক প্ৰত্যাহ্বান জনাই বিজেপিৰ শীৰ্ষ নেতা তথা প্ৰাক্তন মন্ত্ৰী সুব্ৰমণিয়াম স্বামীয়ে কৰা এক পুণঃবিবেচনা আবেদনৰ পাচতে উক্ত গোচৰটো গুৱাহাটী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা হৈছিল । সেইমৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে কৰিমগঞ্জৰ নিম্ন আদালতৰ শুনানি স্থগিত ৰাখি উক্ত গোচৰৰ সন্দৰ্ভত নিজাকৈ কেইবালানিও শুনানি গ্ৰহণ কৰে ৷

বৃহস্পতিবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰাৰ পাচতে এই গোচৰটোৰ সন্দৰ্ভত আবেদনকাৰীয়ে বাধ্যতামূলক বিধি বিধান অনুসৰণ কৰা নাই বুলি যুক্তি দৰ্শাই আৰু এই সন্দৰ্ভত সুব্ৰমণিয়ম স্বামীয়ে তৰা 276/227 ধাৰাৰ অধীনত ৰুজু কৰা গোচৰটোৰ বৈধতা গ্ৰহণ কৰি সুব্ৰমণিয়ামক দায়মুক্ত বুলি ঘোষণা কৰে । এই গোচৰত আবেদনকাৰীৰ হৈ এইচ আৰ এ ছৌধুৰী, এফ ইউ বৰসূৰ্য আৰু আৰ এ চৌধুৰীয়ে এই শুনানিত আবেদনকাৰীৰ হৈ যুক্তি প্ৰদৰ্শন কৰে ।

লগতে পঢ়ক : Bipin Rawats Chopper Crash : একমাত্ৰ জীৱিত ব্যক্তিগৰাকীক বচাবলৈ সকলো প্ৰচেষ্টা কৰা হৈছিল : ৰাজনাথ সিং

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.