গুৱাহাটী, 4 জানুৱাৰী : শীতৰ হাড় কঁপোৱা জাৰৰ মাজতো নিৰ্বাচনী বতাহত গৰম হৈ উঠিছে দেৱদাৰু নগৰী ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ চৌহদ (Cotton University Election 2022) । মঙলবাৰে পুৱা 9 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈ বিয়লি 3 বজাত সামৰণি পৰিব ৷
ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ অন্তত মঙলবাৰে প্ৰায় 5,500 গৰাকী কটনিয়ানে নিৰ্বাচিত কৰিব ১৬ টা বিভাগৰ প্ৰতিনিধি লগতে দুজনকৈ ক’ৰ্ট মেম্বাৰ ৷ এই ভোটগ্ৰহণৰ ফলাফল ঘোষণা কৰা হ’ব 5 জানুৱাৰীত (Cotton Uiversity student union election result) ৷ 16 টা বিভাগৰ বাবে 46 গৰাকী প্ৰাৰ্থীয়ে এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷
এইবাৰ সভাপতি, উপ সভাপতি, সাধাৰণ সম্পাদক, সহ সাধাৰণ সম্পাদক, কটনিয়ানৰ সম্পাদনা পদত মুঠ তিনিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । আনহাতে, ক’ৰ্ট মেম্বাৰৰ দুটা পদৰ বাবে ৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ৷
সোমবাৰে অন্ত পৰিছে এই নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ শান্তিপূৰ্ণভাৱে এই ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । সম্প্ৰতি এই নিৰ্বাচনক কেন্দ্ৰ কৰি কটন বিশ্ববিদ্যালয়ৰ চৌহদ (Cotton University campus) ত বিৰাজ কৰিছে এক উছৱমুখৰ পৰিৱেশ ৷
লগতে পঢ়ক : সমুখত নিৰ্বাচন; মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰিব উত্তৰ-পূৰ্বাঞ্চল