ETV Bharat / city

কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

author img

By

Published : Sep 5, 2022, 8:51 PM IST

Updated : Sep 5, 2022, 9:30 PM IST

মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাল্লা ব'ল, চ'লো দিল্লীৰ পাছত এইবাৰ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা । ভাৰত জোড়ো যাত্ৰাত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰা কৰিব কংগ্ৰেছ দলে (Kanyakumari to Kashmir Bharat Jodo Yatra) ৷ ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা ৷ প্ৰতিখন ৰাজ্যৰ কংগ্ৰেছ কমিটীসমূহৰ ১০০ জনকৈ প্ৰদেশ যাত্ৰী আৰু অন্যান্য ৰাজ্যৰ পৰা ইচ্ছুক অতিথি যাত্ৰীসকলে এই যাত্ৰাত অংশগ্ৰহণ কৰিব পাৰিব ।

Kanyakumari to Kashmir Bharat Jodo Yatra
কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

গুৱাহাটী, ৫ আগষ্ট: মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাল্লা ব'ল, চ'লো দিল্লীৰ পাছত এইবাৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা ৰূপায়ন কৰিব(Congress Bharat Jodo Yatra) । ১২ খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজেদি ৩,৫০০ কিলোমিটাৰ যাত্ৰা কৰিব এই ভাৰত জোড়ো যাত্ৰাত । এই যাত্ৰাৰ বাবে সময় লাগিব ১৫০ দিন ৷ ৭ ছেপ্টেম্বৰৰ পৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ হ’ব কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা (Congress to launch Bharat Jodo Yatra) ৷

মহানগৰীৰ ৰাজীৱ ভৱনত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ নেতা তথা কৰ্ণাটক বিধান পৰিষদৰ বিৰোধী দলপতি বি কে হৰিপ্ৰসাদে সদৰী কৰে এই কথা । কৰ্ণাটক বিধান পৰিষদৰ বিৰোধী দলপতি বি কে হৰিপ্ৰসাদে কয় যে, বিজেপিৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক বিভাজন নীতিৰ বিৰুদ্ধে সকলোকে একেলগ কৰিবলৈ এই যাত্ৰা ৰূপায়ন কৰিব কংগ্ৰেছ দলে ।

কৰ্ণাটক বিধান পৰিষদৰ বিৰোধী দলপতি বি কে হৰিপ্ৰসাদ

তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, দুখীয়াক পেটে ভাতে মাৰিবলৈ আৰম্ভ কৰিলে নৰেন্দ্ৰ মোডীয়ে । মহাত্মা গান্ধীৰ আদৰ্শক নস্যাৎ কৰিব পৰা ইটোৰ পিছত সিটো কাম কৰি গৈ আছে নৰেন্দ্ৰ মোডীয়ে ৷ ১৫০ দিনৰ ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে দেশবাসীক বিজেপিৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে সজাগ কৰি এক বাৰ্তা দিব কংগ্ৰেছে ।

তেওঁ লগতে কয় যে, সৰ্বসাধাৰণৰ কণ্ঠ আজি ৰুদ্ধ কৰি সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ চেষ্টা চলাইছে বিজেপিয়ে । এই যাত্ৰাৰ জৰিয়তে কংগ্ৰেছে বৈচিত্ৰৰ মাজত ঐক্য আৰু সৰ্বধৰ্ম সমভাৱ নীতিৰে সামাজিক সমন্বয়ৰ ভেঁটি শক্তিশালী কৰাৰ চেষ্টা চলাব । এই যাত্ৰাৰ বাবে ১১৮ গৰাকী যাত্ৰী বাছনি কৰা হৈছে । তদুপৰি যিসমূহ ৰাজ্যৰ মাজেৰে এই যাত্ৰা পাৰ হ’ব সেইসমূহ ৰাজ্যৰ কংগ্ৰেছ কমিটীসমূহৰ ১০০ জনকৈ প্ৰদেশ যাত্ৰী আৰু অন্যান্য ৰাজ্যৰ পৰা ইচ্ছুক অতিথি যাত্ৰীসকলে এই যাত্ৰাত অংশগ্ৰহণ কৰিব পাৰিব ।

লগতে পঢ়ক: আস্থা ভোটত হেমন্তৰ জয়: অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিধায়ক কিনা বেচাৰ অভিযোগ উত্থাপন

Last Updated : Sep 5, 2022, 9:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.