ETV Bharat / city

PFIৰ সদস্য গ্ৰেপ্তাৰ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ?

author img

By

Published : Sep 24, 2022, 10:22 AM IST

সমগ্ৰ দেশজুৰি চলিছে PFI ৰ বিৰুদ্ধে NIA আৰু ED ৰ অভিযান (Raids against PFI) ৷ এই সন্দৰ্ভত শুকুৰবাৰে নিশা প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma reacts on PFI )।

CM Himanta Biswa Sarma reacts on PFI in Guwahati
PFIৰ সদস্য গ্ৰেপ্তাৰ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ?

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ: দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো বৃহস্পতিবাৰৰ পৰা ইছলামিক সংগঠন PFI ৰ বিৰুদ্ধে অব্যাহত আছে NIA আৰু EDৰ অভিযান (Raids against PFI) । অসমত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বহুকেইজন পি এফ আই সদস্যক গুৱাহাটীৰ কাহিলিপাৰাত মাৰাথান জেৰা চলাই থকা হৈছে (NIA raids against PFI in Assam) ।

এই সন্দৰ্ভত শুকুৰবাৰে নিশা প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma reacts on PFI )। তেওঁ কয় যে PFI নেতাসকলৰ বিৰুদ্ধে অভিযান চলাই এতিয়ালৈকে 10 জন PFI সদস্যক গ্ৰেপ্তাৰ কৰিছে NIA আৰু ED য়ে (PFI leaders arrested by NIA) । আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে নিৰ্দিষ্ট তথ্য লাভ কৰিছে ।

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ কিছু অংশত PFIৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু সেই সন্দৰ্ভত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু প্ৰৰোচিত কৰাসকলক বিচাৰি উলিয়াবলৈ আৰক্ষীয়ে চেষ্টা কৰিছে । মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে অসম চৰকাৰে PFIক নিষিদ্ধ কৰিবলৈ কেন্দ্ৰক ধাৰাবাহিকভাৱে অনুৰোধ কৰি আহিছে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

বিশেষকৈ গৰুখুটিৰ উচ্ছেদৰ পিছত অসম চৰকাৰে PFIক নিষিদ্ধ কৰাৰ প্ৰয়োজন অনুভৱ কৰিছিল । অসম আৰক্ষীয়ে PFI আৰু সন্ত্ৰাসবাদী মডিউলৰ মাজৰ সম্পৰ্কৰ তদন্ত কৰি আছে । মুখ্যমন্ত্ৰীয়ে কয় যে পি এফ আইয়ে ইক'চিটেম সৃষ্টি কৰে আৰু তাৰ আধাৰত মানুহ জিহাদৰ প্ৰতি আকৰ্ষিত হয় ।

লগতে পঢ়ক: গুৱাহাটী আৰু কৰিমগঞ্জৰ পৰা PFI ৰ আৰু দুজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.