ETV Bharat / city

জৰ্জিয়াৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Mar 23, 2022, 7:10 AM IST

Updated : Mar 23, 2022, 7:39 AM IST

অসমত জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আৰ্চিল জুলিয়াছভিলি(Georgian Ambassador Archil Dzuliashvili in Assam) ৷ মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰিলে ৰাষ্ট্ৰদূত গৰাকীক ৷ অসম আৰু জৰ্জিয়া সন্দৰ্ভত আলোচনা কৰা বুলি টুইটাৰযোগে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ৷

Himanta Biswa Sarma meets Georgian Ambassador
জৰ্জিয়াৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

তেজপুৰ, 23 মাৰ্চ : জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আৰ্চিল জুলিয়াছভিলিয়ে মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে (Himanta Biswa Sarma meets Georgian Ambassador)। যোৱা 18 মাৰ্চ তাৰিখে অসমত উপস্থিত হয় জৰ্জিয়াৰ ৰাষ্ট্ৰদূত গৰাকী । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মঙলবাৰে সন্ধিয়া তেওঁৰ টুইটাৰ যোগে এই তথ্য সদৰী কৰে । ৰাষ্ট্ৰদূত গৰাকীৰ লগত চাহ আৰু অন্যান্য ক্ষেত্ৰত অসম আৰু জৰ্জিয়াৰ মাজত সহযোগিতা সন্দৰ্ভত আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

যোৱা 18 মাৰ্চত অসমত উপস্থিত হোৱা জৰ্জিয়াৰ ৰাষ্ট্ৰদূতে অসমৰ এগৰাকী চাহ ব্যৱসায়ীক বিচাৰি নতুনকৈ নামাকৰণ কৰা বিশেষ চাহৰ এটা পেকেটৰ বিষয়ে জানিব বিচাৰে । প্ৰকৃততে গুৱাহাটীৰ AROMICA চাহ উদ্যোগৰ (AROMICA tea company in Guwahati) স্বত্বাধিকাৰী ৰঞ্জিত বৰুৱাই যোৱা 16 মাৰ্চ, বুধবাৰে নতুনকৈ নামাকৰণ কৰি উলিয়াইছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি নামৰ Orthodox CTC চাহৰ পেকেট (Volodymyr Zelensky Orthodox CTC tea) ।

অসমত জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আৰ্চিল জুলিয়াছভিলি

মনকৰিবলগীয়া যে, জৰ্জিয়াত ভাৰতবৰ্ষৰ বৰ্তমান কোনো ধৰণৰ দূতাবাস তথা ৰাষ্ট্ৰদূত নাই (No Indian embassy in Georgia) ৷ কিন্তু জৰ্জিয়াৰ দূতাবাস ভাৰতত আছে ৷ তেওঁ কয় যে, অসমৰ চাহৰ ব্যৱসায়িক ভিত্তিত প্ৰতিষ্ঠা কৰাৰ সম্ভাৱনা আছে লগতে অসমৰ প্ৰাকৃতিক সম্পদৰ লগত জৰ্জিয়াৰ ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠাৰ এক সম্ভাৱনা নুই কৰিব নোৱাৰি ।

জৰ্জিয়াৰ ৰাষ্ট্ৰদূতৰ সৈতে হিমন্ত বিশ্ব শৰ্মা

ইয়াৰ পূৰ্বে বৰপেটাত হোলী উৎসৱো উপভোগ কৰে আৰ্চিল জুলিয়াছভিলিয়ে (Georgian Ambassador enjoys holi in Barpeta)৷ অসমীয়াতে তেওঁ সংবাদ মাধ্যমৰ আগত ক’লে বহুত ভাল লাগিছে ৷ তাৰোপৰি সাংবাদিকৰ সুৰত সুৰ মিলাই কৈলা বাবা কি জয় বুলিও উচ্চাৰণৰ চেষ্টা কৰিলে জৰ্জিয়ান ৰাষ্ট্ৰদূতজনে ৷

লগতে পঢ়ক : আনন্দ মিশ্ৰক অসম আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক (ক্ৰীড়া) হিচাপে নিযুক্তি

Last Updated : Mar 23, 2022, 7:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.