ETV Bharat / city

নাৰেংগীত প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰত উত্তেজনা

কেৱল বাহন পঞ্জীয়ন পত্ৰৰ দ্বাৰা প্ৰদূষণ প্ৰমাণ পত্ৰ দিয়াৰ অভিযোগ ৷

author img

By

Published : Oct 5, 2019, 3:36 AM IST

নাৰেংগীত প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰত উত্তেজনা

গুৱাহাটী, 4 আগষ্ট: দেশত নতুন যান-বাহন আইন বলবৎ হোৱাৰ পাছৰে পৰা দুচকীয়া তথা চাৰিচকীয়া বাহনক লৈ দুচিন্তাই লগ নেৰা হৈছে বাহনৰ গৰাকীসকলক ৷ বৃহৎ পৰিমাণৰ জৰিমনাৰ পৰা পৰিত্ৰান পাবলৈ এতিয়া সকলোতে তীব্ৰ গতিত চলিছে যান বাহনৰ নথি-পত্ৰ পৰীক্ষন প্ৰক্ৰিয়া ৷ তাৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰো ৷ নতুন যান-বাহন আইনৰ পাছত মহানগৰীত এতিয়া ব্যাপক হাৰত বৃদ্ধি পাইছে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় আৰু প্ৰদূষন পৰীক্ষন কেন্দ্ৰ সমূহত জনতাৰ ভিৰ ৷ তাৰ মাজতে পৰিস্থিতিৰ সুবিধা ল'বলৈ উঠি পৰি লাগিছে মহানগৰীৰ কিছুসংখ্যক প্ৰদূষন পৰীক্ষন কেন্দ্ৰ ৷

শুকুৰবাৰে অনিয়মৰ অভিযোগত নাৰেংগীস্থিত এটা প্ৰদূষন পৰীক্ষন কেন্দ্ৰত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ৷ ঘটনা অনুসৰি কেন্দ্ৰটোত প্ৰদূষণ প্ৰমাণ পত্ৰৰ বাবে শাৰি পাতিছিল শতাধিক যানবাহনৰ গৰাকীয়ে কিন্তু তাৰ মাজতে একাংশই দালালৰ সহযোগত কেৱল বাহন পঞ্জীয়ন পত্ৰ দিয়েই প্ৰদূষন প্ৰমান পত্ৰ লাভ কৰে যাৰ ফলত প্ৰদূষণ প্ৰমাণ পত্ৰৰ অপেক্ষাত দীৰ্ঘসময় শাৰী পাতি থকা লোকসকল উত্তেজিত হৈ পৰে ৷ পাছত পৰিস্থিতি অধিক বেয়ালৈ যোৱাত প্ৰথমে তৰ্কাতৰ্কি আৰু পাছলৈ একাংশ লোক হতাহতি পৰ্যন্ত লিপ্ত হয় ৷ পাছত শাৰি পাতি থকা গ্ৰাহকসকলক প্ৰদূষন পৰীক্ষন কেন্দ্ৰৰ গৰাকীয়ে প্ৰদূষন প্ৰমান পত্ৰ দিয়াত পৰিস্থিতিৰ শাম কাটে ৷

Intro:নাৰেংগী প্ৰদূষন পৰীক্ষন কেন্দ্ৰত ব্যাপক অনিয়মBody:সমগ্ৰ দেশত এতিয়া বলবৎ হৈছে নতুুন যান বাহন আইন ৷ যাৰ বাবে এতিয়া সকলোতে চলিছে যান বাহনৰ নথি পৰীক্ষন প্ৰক্ৰিয়া ৷ ভিৰ বাঢ়িছে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় আৰু প্ৰদূষন পৰীক্ষন কেন্দ্ৰ সমূহতো ৷ কিন্ত ইয়াৰ মাজতে একাংশ প্ৰদূষন পৰীক্ষন কেন্দ্ৰত চলিছে ব্যাপক অনিয়ম ৷ এইটো নাৰেংগীস্থিত প্ৰদূষন পৰীক্ষন কেন্দ্ৰ ৷ কেন্দ্ৰটিত পূৱাৰে পৰা শাৰী পাতিছে শতাধিক যানবাহনৰ গৰাকীয়ে ৷ কিন্ত দীৰ্ঘসময় শাৰী পাতি থকা লোকক পৰীক্ষন প্ৰমান পত্ৰ দিয়াৰ পৰিবৰ্তে একাংশ দালালৰ সহযোগত কেৱল পঞ্জীয়ন পত্ৰ দিয়েই সংগ্ৰহ কৰিছে প্ৰদূষন প্ৰমান পত্ৰ ৷ যাৰ বাবে একাংশ লোকৰ সৈতে প্ৰথমে তৰ্কাতৰ্কি তাৰ পিছত হতাহতি পৰ্যন্ত হয় ৷ শাৰী পাতি থকা লোকসকলৰ ক্ষোভ যে বৈধভাৱে বাহন লৈ আহি শাৰি পাতি থকাৰ পাছতো লাভ কৰা নাই প্ৰমান পত্ৰ ৷Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.