নিউজ ডেস্ক,13 ডিচেম্বৰ : বিজেপি, ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীৰ যৌথ সংবাদমেল ৷ সংবাদমেলত তিনিওটা দলৰ সভাপতি কেইগৰাকীয়ে বিটিচিৰ নতুন পৰিষদ গঠনক লৈ ঘোষণা কৰিলে শপত গ্ৰহণৰ দিন ৷
আগন্তুক 15 ডিচেম্বৰত হ’ব বিটিচিৰ নতুন পৰিষদৰ শপত গ্ৰহণ ৷ সংবাদমেল সম্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস, ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো আৰু গণ সুৰক্ষা পাৰ্টীৰ সভাপতি নৱ কুমাৰ শৰণীয়াই ৷ লগতে সংবাদমেলত উপস্থিত থাকে নেডাৰ আহ্বায়ক মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ৷
লগতে পঢ়ক : বিটিআৰত UPPLৰ চৰকাৰঃহোটেল লিলিত ৰুদ্ধদ্বাৰ বৈঠক