ETV Bharat / city

কংগ্ৰেছক মস্তিষ্কবিহীন দল আখ্যা দিলে বিজেপি মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই

author img

By

Published : Dec 17, 2021, 1:52 PM IST

এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিজেপি দলৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা (Rajiv Kumar Sharma reacts against Bhupen kumar Borah) ৷ বুধবাৰে আয়োজিত এক সংবাদমেলত ভূপেন বৰাই অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা মন্তব্যকলৈ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই ৷

bjp-spokesperson-rajiv-kumar-sharma-reacts-against-assam-pradesh-congress-committee-president-bhupen-kumar-borah
কংগ্ৰেছৰ কোনাে মস্তিস্ক নাই: বি জে পি মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মা

গুৱাহাটী, 17 ডিচেম্বৰ : 'ভূপেন বৰা নেতৃত্বাধীন প্ৰদেশ কংগ্ৰেছৰ কোনো মস্তিষ্ক নাই ৷ দলটোৰ স্বয়ং সভাপতিয়ে য'তে-ত'তে ৰাজহুৱাভাৱে অসাংবিধানিক আৰু আইন বিৰোধী মন্তব্য কৰে' বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিল বিজেপি মুখ্যপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা(Rajiv Kumar Sharma reacts against Bhupen kumar Borah) ৷

উল্লেখ্য যে, কেইদিনমান পূৰ্বে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন যোগদান সভাত সভাপতি ভূপন বৰাই কঠোৰ সমালোচনা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক(Bhupen Kumar Borah criticizes Himanta Biswa Sharma) ৷ "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ চকীখনৰ গৰিমা বহু গুণে অৱনমিত কৰিছে । অসমৰ ৰাজনৈতিক ইতিহাসত এনে মুখ্যমন্ত্রী কেতিয়াও পোৱা নাই ।" এইধৰণে মন্তব্য কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ।

ফলত বুধবাৰে বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা মন্তব্যকলৈ (Bhupen Bora's comment on Assam CM) তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই ৷ লগতে মস্তিষ্কবিহীন দলটোৱে কেনেকৈ মস্তিষ্ক মন্থন কৰিব সেয়া সকলোৰে নুবুজা সাঁথৰ বুলিও মন্তব্য কৰে মুখপাত্ৰ গৰাকীয়ে ৷ ইয়াৰোপৰি কংগ্ৰেছে এ আই ইউ ডি এফৰ দৰে দলৰ সৈতে কৰা মিত্ৰতা কথাও উল্লেখ কৰে মুখপাত্ৰগৰাকীয়ে ৷

লগতে বর্তমান সময়ত অসমৰ খিলঞ্জীয়া জনসাধাৰণে কংগ্ৰেছ দলক প্ৰত্যাখান কৰিছে বুলি উল্লেখ কৰি বিজেপিৰ মুখপাত্ৰজনে কয় যে সম্প্ৰতি অসমৰ কোনো এখন খিলঞ্জীয়া অঞ্চলতে কংগ্ৰেছৰ কোনো অস্তিত্বই নাই । সেয়ে কংগ্ৰেছ দলে খিলঞ্জীয়া জনসাধাৰণৰ মাজত ভয় আৰু শংকাৰ বাতাৱৰণ তৈয়াৰ কৰি বিভাজনৰ ৰাজনীতি আৰম্ভ কৰা অভিযাগ উত্থাপন কৰে বিজেপিৰ মুখপাত্ৰজনে ।

লগতে পঢ়ক : কংগ্ৰেছত বহু অপদাৰ্থ আৰু কাপুৰুষ আছে : শ্বেৰমান আলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.