ETV Bharat / city

ৰাজ্যত এতিয়া উপনিৰ্বাচনৰ বতাহ: তৎপৰ বিজেপি - তৎপৰ বিজেপি

সোণাৰি, ৰাতাবাৰী, জনীয়া আৰু ৰঙাপৰা সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন ৷ পুনৰ এঘড়ি যুঁজিবলৈ সাজু হৈছে ৰাজ্যৰ ৰাজনৈতিক দলৰ লগতে ভাৰতীয় জনতা পাৰ্টী ৷

ৰাজ্যত এতিয়া উপনিৰ্বাচনৰ বতাহ: তৎপৰ বিজেপি
author img

By

Published : Aug 19, 2019, 11:18 PM IST

গুৱাহাটী, 19 আগষ্ট: ৰাজ্যৰ সোণাৰি , ৰাতাবাৰী , জনীয়া আৰু ৰঙাপৰাৰত সমষ্টিত অনুষ্ঠিত হব লগা আগন্তুক উপনিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ হৈছে বিজেপিয়ে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কেইবাৰো আলোচনাত মিলিত হৈছে দলটোৰ সভাপতি ৰঞ্জিত দাস , কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ টেলি,সাধাৰণ সম্পাদক পুলক গোহাঁইকে আদি কৰি দলটোৰ নেতৃত্বই৷

উল্লেখযোগ্যযে ৰঙাপৰাৰ আসন খনৰ বাবে সৰ্বাধিক চৰ্চিত হৈছে প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰৰ নাম ৷ ইফালে সোণাৰি সমষ্টিত দাবীদাৰ সংখ্যা অধিক যদিও ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধ্যক্ষ লক্ষ্য কোঁৱৰে টিকট পোৱাটো এতিয়া প্ৰায় নিশ্চিত৷ আনহাতে বৰাকৰ ৰাতাবাড়ি সমষ্টিত পাৰ্থিতৰ মূল দাবীদাৰ কৰিমগঞ্জৰ প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাস, যদিও প্ৰভাৱশালী নেতা কৃপানাথ মাল্লাৰ পত্নীয়েও হব পাৰে অন্যতম দাবীদাৰ৷ জনীয়া সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সম্ভৱনা প্ৰাক্তন ঐক্য সেনা অসমৰ নেতা চাহিদোল ইছলামক৷

উপ-নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰে বাৰ্তালাপ ইটিভি ভাৰতৰ

তাৰ ওপৰিও উপ- নিৰ্বাচনৰ গতিবিধি লক্ষ্য কৰাৰ বাবে প্ৰতিটো সমষ্টিত গঠন কৰি দিয়া হৈছে এখনকৈ উপ সমিতি৷সমিতিখন এজন মন্ত্ৰী দুজন সাংসদ আৰু ৪ জন বিধায়ক লৈ গঠন কৰি দিয়া হৈছে৷
উল্লেখযোগ্য যে যোৱা লোকসভা নিৰ্বাচনত তপন গগৈ ,পল্লৱলোচন দাস , কৃপানাথ মাল্লা আৰু আব্দুল খালেক জয়ী হোৱাৰ পাছত খালি হৈ পৰিছিল বিধানসভা সমষ্টি কেইটা ৷

Intro:Body:

BY ELECTION

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.