ETV Bharat / city

#Budget2022: বাজেটখনৰ সুৰ আৰু ছন্দ ভাল যদিও বাস্তৱমুখী নহয় : ভূপেন বৰা - Bhupen kumar Borah reactions on union budget 2022

বাজেটখনৰ সুৰ আৰু ছন্দ ভাল হৈছে যদিও বাস্তৱমুখী নহয়(#Budget2022) । এইখন এখন নিৰ্বাচনমুখী বাজেট বুলি উল্লেখ কৰি তেওঁ কয় যে, বাজেটখন পুঁজিপতিৰ বাবেহে, দুখীয়াৰ বাবে নহয়...। এইদৰে বাজেটৰ বিভিন্ন ঘোষণাক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে (Bhupen kumar Borah reactions on union budget 2022) ।

Bhupen-kumar-Borah-reacts-on-union-budget-2022
বাজেটখনৰ সুৰ আৰু ছন্দ ভাল যদিও বাস্তৱমুখী নহয় : ভূপেন বৰা
author img

By

Published : Feb 1, 2022, 4:01 PM IST

গুৱাহাটী, 1 ফেব্ৰুৱাৰী : ঘোষণা হ’ল 2022-23 বৰ্ষৰ বাজেট (#Budget2022) ৷ আজি সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয়দিনা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) বহু উল্লেখ্যযোগ্য ঘোষণাৰে দাখিল কৰিলে 2022-23 বৰ্ষৰ বাজেট ৷ বাজেট দাখিল কৰাৰ লগে লগেই 2022-23 বৰ্ষৰ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen kumar Borah reactions on union budget 2022) ।

বাজেটখনৰ সুৰ আৰু ছন্দ ভাল যদিও বাস্তৱমুখী নহয় : ভূপেন বৰা

বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাই কয় যে, বাজেটখনৰ সুৰ আৰু ছন্দ ভাল হৈছে যদিও বাস্তৱমুখী নহয়। এইখন এখন নিৰ্বাচনমুখী বাজেট বুলি উল্লেখ কৰি তেওঁ কয় যে, বাজেটখন পুঁজিপতিৰ বাবেহে, দুখীয়াৰ বাবে নহয় । ক'ভিড সৃষ্ট পৰিৱেশত সংস্থাপন হেৰুওৱা লোকৰ বাবে বিশেষ আঁচনি নাই বাজেটত । পেট্ৰল-ডিজেলৰ ৰয়েল্টীকে ধৰি বিভিন্ন উৎসৰ পৰা বিগত সময়চোৱাত চৰকাৰৰ আয় 64.9 শতাংশ বাঢ়িছে । ইয়াৰ বিপৰীতে ক'ভিড পৰিস্থিতিকে ধৰি বিভিন্ন কাৰণত বিগত সময়চোৱাত দেশৰ 84 শতাংশ পৰিয়ালৰ আৰ্থিক অৱস্থা অতি শোচনীয় হৈ পৰিছিল । বাজেটত সেই লোকসকলৰ বাবে কোনো বাৰ্তা নাই ৷

আনহাতে বাজেটত পৰস্পৰ বিৰোধী সিদ্ধান্ত প্ৰতিফলিত হোৱা বুলিও সংবাদমাধ্যমৰ আগত তেওঁ সদৰি কৰে । বাজেটত উল্লেখ কৰা কৰ্মসংস্থাপনৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, আগন্তুক কেইবাখনো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই ঘোষণা কৰিছে । এয়া মাথো ৰাজনীতি বুলি উল্লেখ কৰি তেওঁ কয় যে 2014 চনৰ পৰা বিজেপি চৰকাৰে চাকৰি দি অহাৰ কথা কৈ আহিছে । এইদৰে বাজেটৰ বিভিন্ন ঘোষণাক লৈ তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

লগতে পঢ়ক : কেন্দ্ৰীয় চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.