গুৱাহাটী, ১৩ জুন : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH) চৌহদত পেচমেকাৰৰ নকল সামগ্ৰী বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিল ফাৰ্মাচীৰ দুই মালিকসহ চাৰিজনকৈ লোক । ধৃত লোক চাৰিজন হৈছে ৰ'দালি ড্ৰাগছ নামৰ ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী বিভাস পাটোৱাৰী (৫১), মেনেজাৰ জাহাংগীৰ হুছেইন (৫২) আৰু জেনিফাৰ মেডিক'জৰ স্বত্বাধিকাৰী পূৰ্ণৰাম ডেকা আৰু যোগানকাৰী গোবিন্দ পোদ্দাৰ (৩৫) ।
উল্লেখ্য যে শনিবাৰে জি এম চি এইচৰ অস্ত্ৰোপচাৰ কক্ষত চিকিৎসকে আবিষ্কাৰ কৰিছিল পেচমেকাৰৰ নকল সামগ্ৰী । চিকিৎসাধীন হৈ থকা এজন ৰোগীৰ বাবে অভিভাৱকে ৰ'দালি ড্ৰাগছৰ পৰা পেচমেকাৰৰ এবিধ সামগ্ৰী ক্ৰয় কৰিছিল ।

হাস্পতালৰ চিকিৎসকে অস্ত্ৰোপচাৰ কক্ষত সেইবিধ সামগ্ৰী নকল বুলি ধৰা পেলায় । ঘটনা সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GMCH) অধীক্ষকে ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷
এজাহাৰৰ ভিত্তিত ভঙাগড়ৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি দেওবাৰে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : আৰক্ষীক প্ৰহাৰ কৰি ৰঙা ঘৰত সোমাল বিএচএফ জোৱান