বাইহাটা,10 এপ্ৰিল: খোৱাপানী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে কামৰূপ জিলাৰ ডোৰাকঁহৰা, পাইকানা গাঁৱৰ ৰাইজে ৷ তীব্ৰ জল সংকটত ভূগিছে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ ৷ শেহতীয়াকৈ খোৱা পানী বিচাৰি পানী যোগান প্ৰকল্প ঘেৰাও কৰিলে ডোৰাকঁহৰা আৰু পাইকানা গাঁৱৰ ৰাইজে ৷
প্ৰাপ্ত অভিযোগ অনুসৰি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৰঙিয়া সংমণ্ডলৰ হেমাহীৰ বাবেই পানী যোগান আঁচনি থকাৰ পিছতো দুৰ্ভোগ ভূগিবলগা হৈছে সৰ্বসাধাৰণ ৰাইজে ৷ পাহৰীয়া ঠাই হোৱাৰ বাবেই গাঁৱবোৰৰ মাজেৰে বৈ যোৱা মদনকুৰী নৈখনো বৰ্তমান শুকাই গৈছে । যাৰ বাবে গাঁৱবোৰত থকা দমকলবোৰতো নোহোৱা হৈছে পানী । ডোৰাকঁহৰা খোৱাপানী যোগান আঁচনিখন থকাৰ পিছতো দীৰ্ঘদিনে পানীৰ অভাৱত ভূগি আছে এক বৃহত্তৰ অঞ্চলৰ ৰাইজে ৷ ফলত নৈ,পুখুৰী আদিৰ পানীৰ ওপৰতে ভৰষা কৰিবলগা হৈছে বাইহাটাৰ ভিন্ন অঞ্চলৰ ৰাইজে ৷ উপায়বিহিন ৰাইজে পানী যোগান প্ৰকল্পটো ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰয়োজন অনুসৰি বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে দাবী জনায় ৷
লগতে পঢ়ক: নগাঁৱত ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ ঘটনা