ETV Bharat / city

নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ উদ্যোগত স্তন কেন্সাৰৰ সজাগতামূলক চাইকেল ৰেলী - স্তন কেন্সাৰ সজাগতা মাহ

নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ উদ্যোগত স্তন কেন্সাৰৰ সজাগতামূলক চাইকেল ৰেলীৰ আয়োজন ৷ অংশ লয় ডেৰ কুৰিৰো অধিক চাইক্লিষ্টে ৷

নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউট
স্তন কেন্সাৰৰ সজাগতামূলক চাইকেল ৰেলী
author img

By

Published : Oct 20, 2020, 8:17 AM IST

গুৱাহাটী, 20 অক্টোবৰ : নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটৰ উদ্যোগত স্তন কেন্সাৰ সজাগতা মাহ উপলক্ষে চাইকেল ৰেলীৰ আয়োজন কৰা হয় ৷ মহানগৰীৰ দীঘলীপুখুৰীৰ পৰা চানমাৰিলৈকে উলিওৱা হয় এই সজাগতামূলক চাইকেল ৰেলী ৷ ৰেলীত অংশ লয় প্ৰায় ডেৰ কুৰিৰো অধিক চাইক্লিষ্টে ৷ ৰেলীৰ শুভাৰম্ভণী কৰে নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল এণ্ড ৰিছাৰ্ছ চেন্টাৰৰ পৰিচালন সঞ্চালক এম এন বৰুৱাই ৷

নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউট
স্তন কেন্সাৰৰ সজাগতামূলক চাইকেল ৰেলী

দিনক দিনে বৃদ্ধি পাই অহা মহিলাৰ স্তন কেন্সাৰৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি আৰু এই ভয়ংকৰ ৰোগ আৰম্ভ হোৱাৰ আগতেই কেনেকৈ ইয়াক প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ত মহিলাসকলক সজাগ আৰু সচেতন কৰাৰ লক্ষ্যৰে এই ৰেলীৰ আয়োজন কৰা হয় ৷

চাইকেল ৰেলীৰ শুভাৰম্ভ কৰি হাস্পতালখনৰ পৰিচালন সঞ্চালক এম এন বৰুৱাই মন্তব্য কৰে, "সাধাৰণতে চল্লিশ বছৰৰ উৰ্দ্ধৰ মহিলাসকলৰ ক্ষেত্ৰত এইৰোগ বেছিকৈ দেখা দিয়া পৰিলক্ষিত হয় ৷ সাধাৰণতে কেন্সাৰ বেমাৰৰ কোনো নিৰ্দিষ্ট কাৰণ নাই যদিও মূলতঃ খাদ্যাভাসৰ বাবেই এই ৰোগে আক্ৰমণ কৰা দেখা যায় ৷ মহিলাসকল আগতীয়াকৈ সজাগ আৰু সচেতন হ’লে এই ৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব ৷"

লগতে পঢ়ক : সুখবৰ: আহি আছে গীতাশ্ৰী থিয়েটাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.