গুৱাহাটী, 17 ফেব্ৰুৱাৰী : হিন্দুস্থান পেপাৰ কপ’ৰেচন (Hindustan Paper Corporation Limited) ৰ অংশীদাৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ অন্তৰ্গত সা-সম্পত্তি বিক্ৰী প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । নগাঁও আৰু কাগজ কলৰ চৌহদৰ ভূ-সম্পদ এই পৰ্যন্ত বিক্ৰী হোৱা নাই যদিও হিন্দুস্থান পেপাৰ ক’পৰেচন চমুকৈ এইছ পি চিৰ অধীনৰ গুৱাহাটীৰ গেম-ভিলেজত থকা দুটাকৈ ফ্লেট আৰু কলকতাৰ চল্টলেক চিটিত থকা হাউছিং কলনীৰ সা-সম্পত্তি ইতিমধ্যে নিলাম কৰা বুলি জানিব পৰা গৈছে ।
এই সন্দৰ্ভত কাগজ কল দুটাৰ লিকুইডেটৰ কুলদীপ বাৰ্মা (Liquidator Kuldeep Verma)ই ৰাজহুৱাভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই যদিও নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলাম সন্দৰ্ভত শেহতীয়াকৈ জাৰি কৰা নিবিদাত এই কথা স্পষ্ট হৈ পৰিছে । লিকুইডেটৰ কুলদীপ বাৰ্মাই কাগজ কলৰ সা-সম্পত্তিৰ মূল্য হ্ৰাস কৰি জাৰি কৰা নিলামকৰণৰ তালিকাৰ পৰা 1.4 কোটি টকা মূল্যৰ গুৱাহাটীৰ গেম ভিলেজত থকা দুটা আৱাসিক ফ্লেট আৰু কলকতাৰ চল্টলেক চিটিত থকা হাউছিং কলনীৰ 58.50 কোটি টকা মূল্যৰ বিশাল সম্পত্তি আঁতৰাই দিছে (Auction value of Nagaon and Cachar paper mills keeps falling) । যাৰ ফলত কাগজ কলটোৰ গুৱাহাটী আৰু কলকাতাত থকা দুই সম্পত্তি ইতিমধ্যে বিক্ৰী হোৱাটো স্পষ্ট হৈ পৰিছে ৷
লক্ষণীয় বিষয় যে লিকুইডেটৰ কুলদীপ বাৰ্মাই পূৰ্বতে 2021 চনৰ মে’ মাহত নগাঁও আৰু কাছাৰ কাগজ কলৰ সমস্ত ভূমি-সম্পত্তি 1139 কোটি টকাত নিলামৰ বাবে নিবিদা আহ্বান কৰিছিল । নিলামৰ নিবিদাত নগাঁও কাগজ কলৰ 573.95 একৰ ভূমি সম্পত্তি, কাছাৰ কাগজ কলৰ 1008 একৰ ভূমি সম্পত্তি, হাফলঙত থকা 10 কঠা লীজ ভূমি, মুম্বাইত থকা হাউছিং ফ্লেট, গুৱাহাটীৰ দুটা ফ্লেট, কলকাতাৰ হাউছিং কলনি, দিল্লীৰ কাৰ্যালয় আৰু নাগালেণ্ড পেপাৰ কোম্পানীত বিনিয়োগ কৰা প্ৰায় 10 কোটি টকা মূল্যৰ ইকুইটী শ্বেয়াৰ ইত্যাদি তালিকাভুক্ত কৰিছিল জানিব পৰা গৈছে ।
লগতে পঢ়ক : Desert like environment: অস্বাভাৱিকভাৱে শুকাইছে চিয়াং-লালী নদী
লিকুইডেটৰ কুলদীপ বাৰ্মাই ইতিপূৰ্বে বহুবাৰ নিলামৰ নিবিদা আহ্বান কৰিছে যদিও কোনো প্ৰতিষ্ঠানে কাগজ কল ক্ৰয়ৰ বাবে আগবাঢ়ি অহা নাই । যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে কাগজ কল দুটাৰ ভূমি সম্পত্তিৰ মূল্য 429.59 কোটি টকালৈ হ্ৰাস কৰি নিবিদা আহ্বান কৰিছে লিকুইডেটৰ বাৰ্মাই । কাগজ কলৰ সম্পত্তিৰ মূল্য পানীৰ দৰলৈ হ্ৰাস কৰাত কোনো ক্ৰেতা সাজু আছে নেকি তাক লৈও সম্প্ৰতি প্ৰশ্ন উত্থাপন হৈছে ।
উল্লেখ যে, অসম চৰকাৰৰ ঔদ্যোগিক উন্নয়ন নিগমে ইতিপূৰ্বে কাগজ কল দুটা 300 কোটি টকাত ক্ৰয়ৰ বাবে লিকুইডেটৰক প্ৰস্তাৱ দিছিল । সেয়েহে বৰ্ত্তমান মূল্য হ্ৰাস কৰাত কাগজ কল ক্ৰয়ৰ বাবে সুযোগ আহি পৰিছে অসম চৰকাৰৰ হাতলৈ । অৱশ্যে ইয়াৰ বাবে অসম চৰকাৰে পূৰ্বৰ প্ৰস্তাৱতকৈ কিছু অধিক মূল্য দিব লাগিব । এইক্ষেত্ৰত চৰকাৰ আগবাঢ়ি আহে নে নাই সেয়া সময়েহে ক'ব ।
ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাগজ কলৰ কৰ্মচাৰীক প্ৰাপ্য বকেয়াৰ 570 কোটি টকা তিনি মাহৰ ভিতৰত আদায় দিয়াৰ চুক্তি স্বাক্ষৰ কৰিছিল । কিন্তু চুক্তি স্বাক্ষৰ হোৱাৰ চাৰি মাহ উকলি যোৱাৰ পাছতো চৰকাৰে ফুটাকড়ি এটাও মোকলাই দিয়া নাই । আনহাতে 61 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত থাকি আৰ্থিক দিনতা আৰু চিকিৎসাৰ অভাৱত এতিয়ালৈকে কাগজ কলৰ 99 জন কৰ্মচাৰীৰ মৃত্যু হৈছে ।
লগতে পঢ়ক : Paddy procurement centre : কৃষিমন্ত্ৰীৰ সমষ্টিতে কৃষকক ঠগন ভাৰতীয় খাদ্য নিগমৰ