ETV Bharat / city

নিৰ্বাচনক আগত ৰাখি দাখিল হ’ল অন্তৱৰ্তীকালীন বাজেট - Budget

আজি বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে অন্তৱৰ্তীকালীন বাজেট ৷ বাজেটত উত্থাপন হয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ৷ গীতাৰ শ্লোকেৰে মন্ত্ৰী হিমন্তই আৰম্ভ কৰে বাজেট ভাষণ ৷

গীতাৰ শ্লোকেৰে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত বাজেট ভাষণ

author img

By

Published : Feb 12, 2021, 11:45 AM IST

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী: আগন্তুক চাৰি মাহৰ বাবে অৰ্থাৎ এপ্ৰিলৰ পৰা জুলাইলৈকে শুকুৰবাৰে বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে অন্তৱৰ্তীকালীন বাজেট বা লেখানুদান । গীতাৰ শ্লোকেৰে আৰম্ভ কৰা বাজেট ভাষণত বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে, বিগত ২০১৯-২০ বৰ্ষত ৰাজ্যত মূলধনী ব্যয় ১৩,৫০১ কোটি টকালৈ বৃদ্ধি পাইছে ।

২০১৯-২০ বৰ্ষত এই ব্যয় হৈছে ৮১,০৮৮ কোটি টকা । ২০১৯-২০ বৰ্ষৰ বাজেটৰ ৬৮ শতাংশ প্ৰস্তাৱ ৰূপায়ণ কৰা হৈছে বুলি বাজেট ভাষণত মন্ত্ৰী হিমন্তই উল্লেখ কৰে । ২০১৯-২০ বৰ্ষত ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নত ব্যয় হৈছে ১৩,৫০১ কোটি টকা । বৰ্তমানৰ চৰকাৰখনে কেৱল বাজেটৰ আকাৰ বৃদ্ধিৰ লগতে ৰূপায়ণো কৰিছে ৷ বিগত বছৰটোত ৰাজ্যত ২১টা নতুন উপ-কোষাগাৰ মুকলি কৰা হৈছে ।

উল্লেখ্য যে, ২০১৯-২০ বৰ্ষত ৰাজ্যৰ প্ৰায় আঢ়ৈ কোটি লোকলৈ বিনামূলীয়া চাউল আগবঢ়োৱা হৈছে, পৰিয়ালৰ লেখেৰে এই হিচাপ হৈছে ৫৯ লাখ । "অৰুণোদয়" আচনিত সামৰি লোৱা হৈছে ১৭,২৫,৫৯০ গৰাকী হিতাধীকাৰীক ।

ব্যয়ৰ ক্ষেত্ৰত অসমে ২৬ শতাংশ ধন নিজেই অৰ্জন কৰিবলৈ সক্ষম হৈছে । বিগত বিত্তীয় বৰ্ষত অসমে তেলৰ ৰয়েল্টি হিচাপে লাভ কৰিছে ৭,৭৫৬ কোটি টকা । ৰাজ্যৰ বিকাশৰ হাৰ এতিয়া ৰাষ্ট্ৰীয় বিকাশৰ হাৰতকৈ অধিক । ২০১৬-১৭ বৰ্ষত অসমে কেন্দ্ৰৰ পৰা লাভ কৰিছিল ১০,৪৪৪.০৭ কোটি টকা । ২০১৯-২০ত এই পৰিমাণ ১৬,১০১.৫৪ কোটি টকালৈ বৃদ্ধি হৈছে ।

সু-শাসনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে কেতিয়াও কুণ্ঠাবোধ কৰা নাই বুলি মন্তব্য কৰি বাজেট ভাষণত বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে, বিগত বৰ্ষত ৰাজ্যত ১৭ লাখ ৮৪ হাজাৰ ৮৯০ গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়া হৈছে । ১ কোটি ৮ লাখ ৯১৪ গৰাকী শিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে । ৩৩ হাজাৰ নতুন শিক্ষকক নিযুক্তি দিয়াৰ লগতে ২৯ হাজাৰ শিক্ষকৰ পদ প্ৰাদেশীকৰণ হৈছে । আগন্তুক সময়ত আৰু ১৫ হাজাৰ ছাত্ৰীয়ে স্কুটী লাভ কৰিব বুলিও বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে ।

অন্য এক খবৰৰ বাবে: কৰ্ণাটকত ভাতৃয়ে ভগ্নীক কৰিলে অন্ত:সত্তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.