ETV Bharat / city

Russia Ukraine War : যুদ্ধজৰ্জৰ ইউক্ৰেইনত আৱদ্ধ অসমৰ ১৬০ গৰকী লোক - ভাৰত চৰকাৰৰ অপাৰেচন গংগা

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰিস্থিতি দিনক দিনে বেয়াৰ দিশে অগ্ৰসৰ হৈছে । ইতিমধ্য়ে ৰাছিয়ান সেনাই উক্ৰেইনৰ ৰাজধানীৰ প্ৰায় 60 শতাংশ পৰ্যন্তলৈ সোমাই আহিছে ৷ যাৰফলত আজিৰ ভিতৰত ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইনৰ ৰাজধানী কীয়েভ ত্যাগ কৰাৰ নিৰ্দেশ দিছে ভাৰত চৰকাৰে (Advisory tells Indian to leave Kyiv immediately)। ইফালে ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ ১৬০ গৰকী লোক (Assamese people stranded in ukraine) ৷

Assamese people stranded in ukraine
যুদ্ধজৰ্জৰ ইউক্ৰেইনত আৱদ্ধ অসমৰ ১৬০ গৰকী লোক
author img

By

Published : Mar 1, 2022, 6:41 PM IST

গুৱাহাটী, 1 মাৰ্চ : ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ অব্যাহত আছে (Russia Ukraine War)। ইয়াৰ মাজতে যুদ্ধজৰ্জৰ ইউক্ৰেইন (Russia Ukraine War) ত অসমৰ ১৬০ গৰাকী লোক আৱদ্ধ হৈ থকাৰ তথ্য লাভ কৰিছে অসম চৰকাৰে ৷ পৰিয়ালৰ লোককে ধৰি বিভিন্ন উৎসৰ পৰা অসম চৰকাৰে এই তথ্য লাভ কৰিছে যদিও এই সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে।

ইফালে সোমবাৰে বিয়লি ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত ৰক্তৰঞ্জিৎ ইউক্ৰেইনৰ পৰা আহি উপস্থিত হয় অসমৰ তিনি গৰাকী শিক্ষাৰ্থী । এই তিনিজন শিক্ষাৰ্থী হৈছে শুৱালকুছিৰ দীপশিখা দাস, যোৰহাটৰ প্ৰয়াস শৰ্মা আৰু মৰাণৰ অৱনীশ ফুকন । নতুন দিল্লীৰ অসম ভৱনত নিশাটো তেওঁলোকক ৰখাৰ পাছত মঙলবাৰে বিমানযোগে গুৱাহাটীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে ।

ইফালে ভাৰত চৰকাৰৰ অপাৰেচন গংগাৰ অধীনত মঙলবাৰে দিনৰ ভাগত ইউক্ৰেইনত অধ্যয়নৰত অসমৰ তিনিগৰাকী চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী ক্ৰমে, সমাদ্ৰিতা হাজৰিকা, মনিষা বৈশ্য আৰু মনিষা ৱাহিদ সুকলমে নতুন দিল্লীত উপস্থিত হয় (Assamese students studying in Ukraine to arrive India ) । সেই হিচাপত এতিয়ালৈকে অসমৰ 18 গৰাকী লোক যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা আহিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : Russia-Ukraine crisis: ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰৰ মৃত্যু

অসম চৰকাৰৰ শেহতীয়া তথ্য অনুসৰি, এতিয়াও ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ 142 গৰাকী লোক । ইয়াৰে প্ৰায়সংখ্যকেই শিক্ষাৰ্থী । অৱশ্যে এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ । এই তথ্য মতে ইউক্ৰেইনত গুৱাহাটী মহানগৰীৰ 59 গৰাকী, বজালীৰ এগৰাকী, বাক্সাৰ দুইগৰাকী, বৰপেটাৰ 7 গৰাকী, বিশ্বনাথৰ এগৰাকী, বঙাইগাঁৱৰ 4 গৰাকী, কাছাৰৰ 5 গৰাকী, চৰাইদেউৰ এগৰাকী, চিৰাঙৰ এগৰাকী, দৰঙৰ 9 গৰাকী, ধেমাজীৰ এগৰাকী আৱদ্ধ হৈ আছে (Assamese students trapped in Ukraine) ৷

লগতে ধুবুৰীৰ 5 গৰাকী, ডিব্ৰুগড়ৰ 6 গৰাকী, ডিমা হাচাওৰ এগৰাকী, গোলাঘাটৰ 3 গৰাকী, হাইলাকান্দিৰ দুইগৰাকী, হোজাইৰ এগৰাকী, যোৰহাটৰ তিনিগৰাকী, কামৰূপৰ এগৰাকী, কৰিমগঞ্জৰ দুগৰাকী, কোকৰাঝাৰৰ এগৰাকী, লখিমপুৰৰ 3 গৰাকী, মৰিগাঁৱৰ 3 গৰাকী, নগাঁৱৰ 9 গৰাকী, নলবাৰীৰ 9 গৰাকী, শিৱসাগৰৰ দুগৰাকী, শোণিতপুৰৰ দুগৰাকী, তিনিচুকীয়াৰ 4 গৰাকী আৰু ওদালগুৰীৰ 7 গৰাকী লোক আৱদ্ধ হৈ আছে (Assamese people stranded in ukraine) ।

Assamese people stranded in ukraine
যুদ্ধজৰ্জৰ ইউক্ৰেইনত আৱদ্ধ অসমৰ ১৬০ গৰকী লোক

এই পৰ্যন্ত 18 গৰাকী শিক্ষাৰ্থী সুকলমে স্বগৃহলৈ আহিছে । ইফালে ইউক্ৰেইনত আৱদ্ধ অসমৰ লোকসকলৰ তথ্য লাভৰ লগতে সহায়ৰ বাবে অসম চৰকাৰে হেল্পডেস্ক আৰু হেল্পলাইন নম্বৰ মুকলি কৰিছে (Helpdesk for Assam People trapped in Ukraine) । য‍াৰ যোগেদি অসম চৰকাৰে ইউক্ৰেইনত আৱদ্ধ অসমৰ লোকসকলৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে । যুদ্ধই বিধ্বস্ত কৰি পেলোৱা ইউক্ৰেইনত অধ্যয়নসূত্ৰে বাস কৰি অহা অসমৰ শিক্ষাৰ্থী সকলক সুকলমে উদ্ধাৰ কৰি আনিবৰ বাবে কেন্দ্ৰীয় বহিঃৰাষ্ট্ৰ মন্ত্ৰনালয়ৰ সৈতে অসম চৰকাৰৰ ফালৰ পৰা বিৰামহীনভাৱে যোগাযোগ ৰক্ষা কৰি চলা হৈছে ৷

লগতে পঢ়ক : Russia Ukraine War: ইউক্ৰেইনক কি আশ্বাস দিছে আমেৰিকাৰ বিদেশ সচিবে ?

ইতিমধ্যে শনিবাৰ আৰু দেওবাৰৰ ভিতৰত এই উদ্ধাৰ অভিযানৰ অংশস্বৰূপে অসমৰ দহগৰাকী শিক্ষাৰ্থীক ইউক্ৰেইনৰ পৰা নিৰাপদে উদ্ধাৰ কৰি অনা হৈছে । কিন্তু উদ্বেগজনক কথাটো হ'ল অতি বিপদজ্জনক অৱস্থাত এইপৰ্যন্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ বহু শিক্ষাৰ্থী । ইফালে ৰাছিয়ান সেনাই ইউক্ৰেইনৰ ৰাজধানী দখলৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ৰে ভাৰত চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে । ইউক্ৰেইনৰ ৰাজধানীৰ প্ৰায় 60 শতাংশ পৰ্যন্তলৈ সোমাই আহিছে ৰাছিয়ান সেনা ।

যাৰ পৰিপ্ৰেক্ষিতত আজিৰ ভিতৰত ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইনৰ ৰাজধানী কীয়েভ ত্যাগ কৰাৰ নিৰ্দেশ দিছে ভাৰত চৰকাৰে (Advisory tells Indian to leave Kyiv immediately)। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই এই বিশেষ নিৰ্দেশনা ভাৰত চৰকাৰৰ। ইতিমধ্যে বিমান যোগে বহু ভাৰতীয় লোকক ইউক্ৰেইনৰ পৰা ভাৰতলৈ অনা হৈছে যদিও অসমৰেই শতাধিক লোক আৱদ্ধ হৈ আছে ।

ৰে’ল বা অন্য ব্যৱস্থাৰে ভাৰতীয়ক কীয়েভ এৰাৰ আহ্বান জনাই ইউক্ৰেইনস্থিত ভাৰতীয় দূতাবাসে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। আনহাতে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে তীব্ৰতৰ কৰা হৈছে ‘অপাৰেচন গংগা’। ইউক্ৰেইনৰ কাষৰীয় দেশৰ পৰা ভাৰতীয়ক উদ্ধাৰ কৰিবৰ বাবে ভাৰতীয় বায়ু সেনাই প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Russia Ukraine War : আজিয়েই সকলো ভাৰতীয়ক কিভ এৰাৰ নিৰ্দেশ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.