ETV Bharat / city

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অসমৰ খিলঞ্জীয়া মুছলমান সমাজৰ 5 লাখ - Historical Ram janmabhoomi-Babri Masjid conflict update

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে 5 লাখ টকা ঘোষণা কৰিছে অসমৰ খিলঞ্জীয়া মুছলমান সমাজে ৷ শনিবাৰে বহু বিবাদিত গোচৰটোৰ ৰায়দান হোৱাৰ পাচতে এই ঘোষণা কৰে খিলঞ্জীয়া সমাজে ৷

উচ্চতম ন্যায়ালয়
author img

By

Published : Nov 9, 2019, 6:26 PM IST

গুৱাহাটী, 9 নৱেম্বৰ : অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অসমৰ খিলঞ্জীয়া মুছলমান সমাজে 5 লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৷ এই কথা প্ৰকাশ কৰি শনিবাৰে খিলঞ্জীয়া মুছলমান সংগঠনৰ ঐক্যমঞ্চৰ মুখ্য আহ্বায়ক মমিনুল আৱালে কয় যে, "ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে যি ঐতিহাসিক ৰায় প্ৰদান কৰিলে তাক আমি আদৰণি জনাইছো ৷ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে যি ট্ৰাষ্ট গঠন কৰা হ'ব সেই ট্ৰাষ্টত মন্দিৰ নিৰ্মাণাৰ্থে অসমৰ ইছলামধৰ্মী খিলঞ্জীয়া সংগঠনৰ সমন্বয় মঞ্চ 'জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসম'ৰ তৰফৰ পৰা 5 লাখ টকা আগবঢ়াম ৷"

ৰাম মন্দিৰৰ বাবে অসমৰ খিলঞ্জীয়া মুছলমান সমাজৰ 5 লাখ

উল্লেখ্য যে, শনিবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে ৰামজন্মভূমি-বাবৰি মছজিদৰ বহু বিবাদিত গোচৰৰ ৰায়দান কৰে ৷ এই ৰায়দান অনুসৰি, অযোধ্যাৰ বিবাদিত অঞ্চলত ৰাম মন্দিৰ নিৰ্মাণ কৰা হ'ব আৰু মছজিদ নিৰ্মাণৰ বাবে 5 একৰ মাটি প্ৰদান কৰা হ'ব ৷

Intro:গুৱাহাটী, ৯ নৱেম্বৰঃ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অসমৰ খিলঞ্জীয়া মুছলমান সমাজে আগবঢ়াব ৫ লাখ টকা ।Body:এই কথা প্ৰকাশ কৰি আজি খিলঞ্জীয়া মুছলমান সংগঠনৰ ঐক্যমঞ্চৰ মুখ্য আহ্বায়ক মমিনুল আৱালে কয় -Conclusion:" ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে যি ঐতিহাসিক ৰায় প্ৰদান কৰিলে তাক আমি আদৰণি জনাইছো আৰু অসমৰ ইছলামধৰ্মী খিলঞ্জীয়া সংগঠনৰ সমন্বয় মঞ্চ "জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসম"ৰ তৰফৰপৰা ৰাম মন্দিৰ নিৰ্মাণৰ বাবে যি ট্ৰাষ্ট গঠন কৰা হব সেই ৰাম মন্দিৰ নিৰ্মাণৰ্থে আমাৰ তৰফৰপৰা ৫ লাখ টকা আগবঢ়াম। "

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.