ETV Bharat / city

কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন - Assam remembers Jayanta Hazarika

অসমীয়া সংগীত জগতৰ অন্যতম পুৰোধা, জনতাৰ শিল্পী, সুৰকাৰ তথা আধুনিক সংগীতক এক নতুন ধাৰা প্ৰদান কৰা জয়ন্ত হাজৰিকাৰ আজি 77 সংখ্যক জন্মজয়ন্তী ৷ জন্মজয়ন্তীৰ দিনটোত ৰাণা দালৈ ইটিভি ভাৰতৰ তৰফৰ পৰাও সশ্ৰদ্ধ সোঁৱৰণ ৷

কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন
কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন
author img

By

Published : Sep 20, 2020, 7:46 AM IST

নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ : অসমৰ এটা প্ৰখ্যাত পৰিয়ালত আজিৰ দিনটোতে জন্ম হৈছিল অসমীয়া সংগীতক এক বিশেষ ৰূপ প্ৰদান কৰা এগৰাকী মহান সুৰকাৰ তথা সংগীত শিল্পীৰ ৷ 1943 চনৰ 20 ছেপ্টেম্বৰত মঙলদৈত জন্মলাভ কৰা এইগৰাকী মহান সুৰকাৰ আছিল জয়ন্ত হাজৰিকা৷ ভূপেন হাজৰিকা তথা সমৰ হাজৰিকাৰ কনিষ্ঠ ভাতৃ জয়ন্ত হাজৰিকাক সৰুতে ঘৰত ৰাণা বুলি মাতিছিল যদিও ভূপেন হাজৰিকাই তেখেতক জয়ন্ত নাম দিছিল ৷ সৰুৰে পৰা জয়ন্ত হাজৰিকা এটা সঙ্গীতময় পৰিবেশত ডাঙৰ হৈছিল । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা, সুদক্ষিণা শৰ্মা, দিলীপ শৰ্মা আদিৰ দৰে মহান শিল্পীৰ পৰা তেওঁ সঙ্গীত চৰ্চাৰ অনুপ্ৰেৰণা লাভ কৰিছিল । নিচেই সৰু কালতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে শিল্পীৰো সান্নিধ্য লাভ কৰিছিল জয়ন্ত হাজৰিকাই ৷

"মই সূত্ৰগত ভাৱে সুৰ বিচাৰি নুফুৰোঁ ৷ সুৰ মই ভাল পাওঁ ৷ উৎস কি বা ক’ত থাকে সেয়া মই নিজেই নাজানো ৷ কাৰণ পৃথিৱী খনেই সুৰৰ তৰঙ্গৰে ভৰপূৰ ৷" এয়া আছিল ১৯৬০-ৰ দশকত অসমীয়া সংগীতৰ জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকাৰ মনৰ কথা ৷ জয়ন্ত হাজৰিকাই সৰুৰে পৰাই মাউথ অৰগেন বজাব পাৰিছিল ৷ ভূপেন হাজৰিকাৰ 'সাগৰ সঙ্গমত…' গীতটোত মাত্ৰ ন বছৰ বয়সতে তেওঁ গীটাৰ বজাইছিল ৷ জয়ন্ত হাজৰিকাই গান গোৱা, সুৰ দিয়াৰ উপৰিও কেবাটাও বাদ্য যন্ত্ৰ বজোৱাত সিদ্ধহস্ত আছিল ৷ তেখেতে গীটাৰ, ডুম্‌ৰা, মেণ্ডোলিন, এক'ৰ্ডিয়ান, তবলা, মাউথ অৰ্গেনকে আদি কৰি কেবাটাও বাদ্যযন্ত্ৰ বজাব পাৰিছিল ৷ তেখেতৰ গীতত নিজে বজোৱা গীটাৰৰ সূক্ষ্ম কৰ্ডৰ সাল-সলনি তেখেতৰ বাদ্য বাদনৰ নিপুনতাৰ চিন ৷ তদুপৰি তেখেতে দেশ-বিদেশৰ নানা বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিছিল ৷ একে সময়তে দুটা অক্টেভত হাৰ্মোনিয়াম বজাবলৈ সক্ষম হোৱা মুষ্টিমেয় কেইগৰাকীমান সংগীতজ্ঞৰ ভিতৰৰ এজন আছিল জয়ন্ত হাজৰিকা ৷

জয়ন্ত হাজৰিকাৰ সংগীত অসমীয়া লোক-সংগীত, শাস্ত্ৰীয় সংগীতৰ লগত পশ্চিমীয়া যন্ত্ৰসম্ভাৰৰ সংযোগেৰে এক নতুন ধ্বনি আছিল ৷ পশ্চিমীয়া সংগীতৰ সংযোজন আছিল জয়ন্ত হাজৰিকাৰ সংগীতৰ এক বিশেষ বৈশিষ্ট্য ৷ মুখ্‌ৰা আৰু অন্তৰাৰ অপৰম্পৰাগত সংগীতৰ প্ৰয়োগ তেখেতৰ আন এক বৈশিষ্ট্য ৷ জয়ন্ত হাজৰিকাৰ সংগীতৰ লগত গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈৰ কথাৰ এক সুৱৰ্ণ সংযোগ ঘটিছিল ৷ এই জুতিয়ে সৃষ্টি কৰা কেবাটাও গান বৰ্তমানেও অতি জনপ্ৰিয় ৷ নিজৰ ৩৪ বছৰীয়া চুটি জীৱনকালত তেখেতে বহুতো গান সৃষ্টি কৰি গৈছে যিবোৰ এতিয়াও জনপ্ৰিয় হৈ আছে ৷ তেখেতেই অসমত প্ৰথমে যুৱ-চামৰ বাবে নিৰ্দিষ্ট গান সৃষ্টি কৰাৰ লগতে তেখেতৰ সঙ্গীতত অসমীয়া লোক সঙ্গীতৰ লগতে হিন্দুঃস্থানী ধ্ৰুপদী সঙ্গীত, পশ্চিমীয়া ৰক্ এণ্ড ৰ'ল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সঙ্গীত আদিৰ সংমিশ্ৰণ ঘটিছিল ৷ সেই সময়ত অপৰম্পৰাগত বুলি বিবেচিত বহুতো বৈশিষ্ট্য সন্নিৱিষ্ট কৰি তেখেতে বহুতো অসমীয়া গীতত সুৰাৰোপ কৰে ৷ ১৯৬০-ৰ দশকত অসমীয়া সংগীতৰ জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকা মৃত্যুৰ সময়লৈকে সক্ৰিয় হৈ থকাৰ লগতে তেখেতৰ সংগীতৰ ধাৰা আজিও অৱধাৰিত হৈ আছে ৷

১৯৬২ চনত কলিকতাত ৰেকৰ্ড কৰা 'আগলি বতাহে কপালে কলৰে পাত' আৰু 'কৃষ্ণচূড়া কৃষ্ণচূড়া' গানৰ ৰেকৰ্ডখন যথেষ্ট জনপ্ৰিয় হয় আৰু জয়ন্ত হাজৰিকাই পেছাদাৰী সংগীতৰ জগতত ভৰি দিয়ে ৷ অৱশ্যে জয়ন্ত হাজৰিকাই প্ৰথমে সুৰ দিয়া গীত আছিল আলিমুন্নিছা পিয়াৰৰ 'জেতুকা পাতেৰে দুহাত বোলালি' শীৰ্ষক গীতটো ৷ ইয়াৰ আগতেই ন বছৰ বয়সত ককায়েক নৃপেন হাজৰিকাৰ এটা গীতত সুৰ দিছিল বুলি শুনা যায় ৷ একে সময়তে হীৰেণ ভট্টাচাৰ্যৰ আন এটি গীত ফুলৰে চাকি উৰণীয়া, মনৰে পখী জুৰণীয়া, এই ৰাতি মোহনীয়া শীৰ্ষক এটি গীততো তেখেতে সুৰ দিছিল ৷ প্ৰথম ৰেকৰ্ডখনৰ জনপ্ৰিয়তাৰ পাছতেই জয়ন্ত হাজৰিকাই ভূপেন হাজৰিকাৰ লগত বিভিন্ন সাংস্কৃতিক মঞ্চত গীত গাবলৈ আৰম্ভ কৰিছিল ৷

১৯৬৯ চনৰ ৪ আগষ্টত তেখেতে কলিকতাৰ এটা বঙালী পৰিয়ালৰ জীয়ৰী মনীষা হাজৰিকাক (বিয়াৰ আগতে মণীষা সেনগুপ্ত) বিয়া কৰায় ৷ তেওঁলোকৰ একমাত্ৰ সন্তান ময়ুখ হাজৰিকাৰ জন্ম হৈছিল ১৯৭১ চনৰ ১৩ জানুৱাৰীত ৷ 'নতুন আশা' কথাছবিৰ আৱহ সঙ্গীতৰ কামৰ বাবে ১৯৭৭ চনৰ ১২ অক্টোৱৰ তাৰিখে জয়ন্ত হাজৰিকা গৈছিল কলকাতালৈ ৷ কিন্তু তাৰ পৰা মাথোঁ ঘূৰি আহিছিল তেওঁৰ নশ্বৰ দেহা ৷ হঠাতে অসুস্থ হৈ ১৯৭৭ চনৰ ১৫ অক্টোৱৰৰ নিশা কলকতাৰ পি.জি হাস্পতালত অসমবাসীৰ প্ৰাণৰ শিল্পী জয়ন্ত হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰে ৷ হাঁহি হাঁহি জীৱন বুটলিবলৈ অহা জয়ন্ত হাজৰিকাই 'মৃত্যু গছকি সমাধি তলিত..' বৰ সোনকালে শুই থাকিলগৈ ৷ মাত্ৰ ৩৫ টা বসন্তৰ দুৱাৰদলি গছকা শিল্পীজনাই অসমবাসীক কন্দুৱাই অকালতে গুচি যায় যদিও তেওঁ কৈ গৈছিল 'মই নাথাকিলেও সাজৰ তৰাই মোৰেই কথাকে ক'ব... ৷ এইগৰাকী মহান অসমীয়া সংগীতজ্ঞ, সুৰকাৰ, গীতিকাৰ তথা কণ্ঠশিল্পীক তেওঁৰ 77 সংখ্যক জন্মজয়ন্তীত ইটিভি ভাৰতৰ তৰফৰ পৰাও সশ্ৰদ্ধ প্ৰণিপাত ৷

লগতে পঢ়ক : ভবানীপুৰ শ্বহীদ ভৱনত প্ৰতিষ্ঠা হ'ব শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.