ETV Bharat / city

নন্দিতা দেৱীলৈ অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা - অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা

অসম প্ৰকাশন পৰিষদে এইবাৰ প্ৰথমবাৰলৈ প্ৰদান কৰিছে ২০২১ বৰ্ষৰ সাহিত্য বঁটা(Assam Prakashan Parishad Literary Award 2021) ৷ নন্দিতা দেৱীক প্ৰদান কৰা হৈছে ২০২১বৰ্ষৰ সাহিত্য বঁটা আৰু জ্যোতি প্ৰকাশনক শ্ৰেষ্ঠ প্ৰকাশকৰ বঁটা লাভ কৰিছে ৷ সাহিত্যৰ ক্ষেত্ৰখনত লেখকৰ সমান্তৰালকৈ প্ৰকাশককো এনেদৰে বঁটা প্ৰদান কৰাটো ভাৰতবৰ্ষৰ ইতিহাসত এক বিৰল উদাহৰণ ৷

Assam Prakashan Parishad Literary Award 2021
নন্দিতা দাসলৈ অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা
author img

By

Published : Dec 27, 2021, 9:12 PM IST

Updated : Dec 27, 2021, 9:39 PM IST

গুৱাহাটী, ২৭ ডিচেম্বৰ : অসম প্ৰকাশন পৰিষদে পোন প্ৰথমবাৰৰ বাবে প্ৰদান কৰা সাহিত্য বঁটা ২০২১(Assam Prakashan Parishad Literary Award 2021)বর্ষৰ প্ৰাপকৰ নাম সোমবাৰে ঘোষণা কৰে ৷ চলিত বৰ্ষত প্ৰথমবাৰলৈ এই বঁটা বাবে নিৰ্বাচিত কৰা হৈছে ঔপন্যাসিক নন্দিতা দেৱীক । নন্দিতা দেৱীৰ ‘বঙল বহুদূৰ’ উপন্যাসখনৰ বাবে তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে । তদুপৰি এইবাৰ প্ৰথমবাৰলৈ পৰিষদে প্ৰথমবাৰলৈ প্ৰদান কৰা শ্ৰেষ্ঠ প্ৰকাশকৰ বঁটা জ্যোতি প্ৰকাশনৰ স্বত্বাধিকাৰী নগেন শৰ্মাক প্ৰদান কৰা হ’ব ।

অসম প্ৰকাশন পৰিষদৰ মুখ্য কাৰ্যালয়ত সোমবাৰে পৰিষদৰ সচিব প্ৰমোদ কলিতা(Assam Prakashan Parishad Secretary Pramod Kalita)ই এখন সংবাদমেল আয়োজন কৰি এই কথা ঘোষণা কৰে ৷ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত ২৯ ডিচেম্বৰৰ অনুষ্ঠিত হ’বলগীয়া অসম গ্ৰন্থমেলা (Assam book fair in guwahati)ৰ শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট ঔপন্যাসিক নন্দিতা দেৱী আৰু প্ৰকাশক নগেন শৰ্মাক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব । এই বঁটাৰ লগত আছে নগদ দুই লাখ টকা, মানপত্ৰ আৰু গ্ৰন্থ টোপোলা ।

উল্লেখ্য যে, অসম প্ৰকাশন পৰিষদে পূৰ্বতে প্ৰদান কৰি অহা জীৱনজোৰা সাধনা বঁটা সলনি এইবাৰ সাহিত্য বঁটা প্ৰদানৰ ব্যৱস্থা কৰে । কেৱল সাহিত্য ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তিক সন্মানিত কৰাৰ লক্ষ্যৰে পৰিষদে এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছে ৷ পৰিষদে সাহিত্য বঁটা নিৰ্বাচনৰ বাবে ২০১৮-২০২০চনৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্যসংকলন বিচাৰি প্ৰ-পত্ৰ পূৰণৰ আহ্বান জনাইছিল লেখক আৰু প্ৰকাশকসকলক ।

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা

পৰিষদৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় প্ৰায় ৪০০খন প্ৰ-পত্ৰ আহিছিল । তাৰমাজৰ পৰা বাছনি কমিটিয়ে বঙল বহুদূৰ গ্ৰন্থখন নিৰ্বাচিত কৰা কথা জানিব দিয়ে সচিব কলিতাই । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ যৌথ উদ্যোগত প্ৰথমবাৰলৈ আয়োজন কৰা হৈছে অসম গ্ৰন্থমেলা । ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ ১২ দিনীয়াকৈ অনুষ্ঠিত হ'ব গ্ৰন্থমেলা । শুভাৰম্ভণি অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(Education Minister Ranoj Pegu)কে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে সচিবগৰাকীয়ে ।

লগতে পঢ়ক : Assam Prakashan Parishad Literary Award : প্ৰথমবাৰলৈ সাহিত্য বঁটাৰে সন্মানিত কৰা হ’ব প্ৰকাশকক

Last Updated : Dec 27, 2021, 9:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.