ETV Bharat / city

পি এফ আইৰ বিৰুদ্ধে 16 টাকৈ গোচৰ ৰুজু অসম আৰক্ষীৰ - বাংলাদেশৰ আনচাৰুল্লা বাংলা সংগঠন

পি এফ আইৰ বিৰুদ্ধে অসমত গোচৰ দাখিল অসম আৰক্ষীৰ ৷ 16 টাকৈ গোচৰ দাখিল কৰা হৈছে সংগঠনটোৰ বিৰুদ্ধে (16 cases against PFI) ৷ নিষিদ্ধ ঘোষিত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে পি এফ আইৰ সম্পৰ্ক থকাৰ কথা প্ৰকাশ আৰক্ষীৰ ৷

Assam police register 16 cases against PFI

author img

By

Published : Jun 6, 2022, 4:10 PM IST

নিউজ ডেস্ক, 6 জুন: পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইৰ বিৰুদ্ধে দেওবাৰে 16 টাকৈ গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে (Assam police register 16 cases against PFI) ৷ ৰাজ্যখনত সক্ৰিয় হৈ থকা এনে ধৰণৰ আন গোটবোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই বাংলাদেশৰ সন্ত্ৰাসবাদী গোটৰ সৈতে পি এফ আইৰ সম্পৰ্ক থকাৰ অভিযোগ কৰিছে(PFI activities in assam) ৷ ইয়াৰ লগতে আৰক্ষীয়ে পি এফ আইৰ এটি শাখা তথা ছাত্ৰ সংগঠন কেম্পাচ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ চি এফ আইৰ বিৰুদ্ধেও দুটাকৈ গোচৰ ৰুজু কৰিছে (Hiren Nath filed charge sheet)৷

বিশেষ শাখাৰ এ ডি জি পি হীৰেন নাথে জনোৱা মতে, সংগঠনটোৰ বিৰুদ্ধে বাকী গোচৰৰ তদন্ত চলি থকাৰ সময়তে 12 টা গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে ৷ তেওঁ লগতে কয় যে, আৰক্ষীয়ে যোৱা 15 এপ্ৰিলত বৰপেটাত এটা গোচৰ দাখিল কৰিছিল আৰু বাংলাদেশৰ আনচাৰুল্লা বাংলা সংগঠনৰ মকিবুল হুছেইনসহ 16 জনক গ্ৰেপ্তাৰ কৰিছিল (Maqibul Hussain arrest news) ৷ জেৰাৰ সময়ত মকিবুল হুছেইনে জেৰাৰ সময়ত স্বীকাৰ কৰিছিল যে, তেওঁ পি এফ আইৰ বৰপেটা জিলা শাখাৰ সভাপতি ৷

‘‘বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠন আনচাৰুল্লাহ বাংলাৰ সৈতে পি এফ আইৰ গাঢ় সম্পৰ্ক থকাৰ প্ৰমাণ আমি লাভ কৰিছোঁ ৷ মকিবুল হুছেইনে পি এফ আইৰ হৈ নামনি অসমত ব্যাপক হাৰত কাম কৰিছিল আৰু তেওঁৰ আনচাৰুল্লাহ বাংলাৰ সৈতেও সম্পৰ্ক আছিল (Bangladesh based Ansarullah Bangla Team) ৷ হুছেইনে মেহদি হাছানৰ পৰা প্ৰশিক্ষণ লাভ কৰিছিল ৷’’ এই কথা প্ৰকাশ কৰিছে এ ডি জি পি হীৰেন নাথে ৷

বাংলাদেশৰ আনচাৰুল্লাহ বাংলা হৈছে অল-কায়েদাৰ সহযোগত সৃষ্ট এটা সন্ত্ৰাসবাদী সংগঠন ৷ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, পি এফ আই কৰ্মীসকলে অসমৰ দহখন জিলাত কাম কৰি আছে ৷ তেওঁ কয়, ‘‘আমি পি এফ আইৰ কাম-কাযৰ ওপৰত চোক দৃষ্টি ৰাখিছোঁ’’ ৷ অসমৰ সৈতে সম্পৰ্ক নথকা কেতবোৰ বিষয় উত্থাপন কৰি সেইবোৰত ধৰ্মীয় আবেগ জগাই তুলিবলৈ ৰাজ্যখনত সংগঠনটোৱে চেষ্টা চলাই আহিছে ৷

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰক পি এফ আই নামৰ সংগঠনটোক নিষিদ্ধ ঘোষণা কৰাৰ লগতে তেওঁলোকৰ বেংক একাউন্ট বন্ধ কৰিবলৈ আহ্বান জনাইছিল (Bangladesh based Ansarullah Bangla Team) ৷ শেহতীয়াকৈ বটদ্ৰৱা থানাত অগ্নিসংযোগৰ ঘটনাত সংগঠনটো জড়িত থকাৰ অভিযোগ উঠিছে ৷

লগতে পঢ়ক : Demand for ban PFI: পি এফ আইক বিপজ্জনক আখ্যা ডাঃ নোমল ম’মিনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.