ETV Bharat / city

নীলাভ আলােকেৰে উজলিল অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়

author img

By

Published : Nov 20, 2021, 10:08 PM IST

আৰক্ষী আয়ুক্তৰ কাৰ্যালয়কে ধৰি আজাৰা, বশিষ্ঠ, পাণবজাৰ আৰু জালুকবাৰী থানা নীলা ৰঙেৰে আলোকিত । আন্তর্জাতিক শিশু দিৱসত শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে ‘ইউনিচেফে(UNICEF)’ আহ্বান জনােৱা 'গ’জ ব্লু (Goes blue)' অভিযানৰ প্রতি অসম আৰক্ষীৰ সঁহাৰি ।

assam police in support of unicefs goes blue
নীলাভ আলােকেৰে উজলিল অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়

গুৱাহাটী, ২০ নৱেম্বৰ : ২০ নৱেম্বৰৰ দিনটো প্রতিবছৰে আন্তর্জাতিক শিশু দিৱস হিচাপে পালন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে ইউনিচেফে “গজ ব্লু (Goes blue)” শীর্ষক প্রচাৰ অভিযান আৰম্ভ কৰিছে । এই অনুসৰি বিশ্বৰ বিখ্যাত স্থান বা স্মাৰকসমূহ নীলাভ আলােক সজ্জাৰে সুশােভিত কৰি শিশুৰ অধিকাৰৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰাৰ বাবে সহমর্মিতা প্রকাশ কৰা হয় ।

ইউনিচেফৰ এই অভিযানৰ প্রতি সঁহাৰি জনাই উলুবাৰীস্থিত আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ উপৰি মহানগৰ আৰক্ষীয়ে নীলাভ আলােকেৰে উজলাই তুলিলে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়কে ধৰি আজাৰা, বশিষ্ঠ, পাণবজাৰ আৰু জালুকবাৰী থানা । উল্লেখ্য যে, আইনৰ সৈতে সংঘাত নাইবা অপৰাধৰ বলি হােৱা শিশুসকলৰ প্রথম আশ্রয় হৈ পৰে আৰক্ষী। সেয়ে শিশুৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰক্ষীয়ে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ।

শিশুৰ প্রতি বন্ধুত্বসুলভ আচৰণ প্রদর্শনেৰে শিশু সংক্রান্তীয় গােচৰসমূহ যথাসময়ত নিষ্পত্তি কৰি শিশুসকলক দ্রুত ন্যায় প্রদানত সহায় কৰিব পাৰি, এয়া শিশুসকলৰ প্রাপ্য অধিকাৰ। ২০১৯ চনত অসম আৰক্ষীয়ে আৰম্ভ কৰা শিশু মিত্র আঁচনি দেশৰ ভিতৰতে শিশুৰ প্রতি আৰক্ষীৰ বন্ধুত্বসুলভ কাম-কাজৰ এক অনন্য বৃহৎ অভিযান।

শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে অসম আৰক্ষীয়ে লােৱা উদ্যোগৰ প্রতি সহাঁৰি জনাই ইউনিচেফ আৰু ‘উৎসাহ' নামৰ শিশুৰ অধিকাৰৰ ক্ষেত্ৰত কাম কৰি অহা সংগঠনটোৱে একেলগে আৰক্ষীৰ লগত কাম-কাজ অব্যাহত ৰাখিছে। আন্তর্জাতিক শিশু দিৱস উপলক্ষ্যে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই শিশুসকলৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰি অসম আৰক্ষীয়ে শিশুৰ প্রতি বন্ধুত্বসুলভ ‘পুলিচিং'ত সদায়েই গুৰুত্ব প্রদান কৰি আহিছে বুলি মন্তব্য কৰে ।

সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে আৰক্ষীৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী প্রতিশ্রুতিবদ্ধ। মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে এই অভিযান সম্পর্কত কয় যে নীলাভ আলােকৰ দ্বাৰা শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰাত আৰক্ষীৰ সহমর্মিতা প্রতীকী ৰূপত তুলি ধৰা হৈছে ।

শিশুৰ অধিকাৰ সুৰক্ষিত কৰাত আৰক্ষী বদ্ধপৰিকৰ বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে প্রকাশ কৰে। আনহাতে মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পার্থ সাৰথি মহন্তই কয় যে শিশুক যত্ন লােৱা আৰু তেওঁলােকৰ প্রতি সংবেদনশীল হােৱাটো প্রয়ােজন। ইউনিচেফ’ আৰু ‘উৎসাহ’ৰ সহযােগিতাত সমগ্র আইনী প্রক্রিয়াৰ সময়ছােৱাত মহানগৰ আৰক্ষীয়ে শিশুৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাটো নিশ্চিত কৰাৰ বাবে সদায় উদ্যোগ লৈ আহিছে বুলিও যুটীয়া আয়ুক্তগৰাকীয়ে মন্তব্য কৰে ।
লগতে পঢ়ক : ৰঙা বনাঞ্চলত চৰকাৰী বিষয়াক বেদখলকাৰীৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.