গুৱাহাটী, ২৬ নৱেম্বৰ : অসম আৰু মিজোৰামৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা সীমা সমস্যা নিস্পত্তিৰ বাবে শুকুৰবাৰে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দিল্লীস্থিত বাসগৃহ(Union home minister Amit Shah’s residence in Delhi)ত অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীদ্বয়ৰ এখন বৈঠক(Assam-Mizoram CMs meet at Amit Shah's residence) অনুষ্ঠিত হয় ৷ বৈঠকত সীমা সমস্যা সমাধান সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । শুকুৰবাৰে নিশা বৈঠকৰ অন্তত দিল্লীত সাংবাদিকৰ আগত এই সিদ্ধান্তৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ।
![Assam-Mizoram CMs meet at Amit Shah's residence](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13746391_delhi.jpg)
উল্লেখ্য যে, এই বৈঠকত ভাগ ল’বলৈ বৃহস্পতিবাৰে দিল্লীত উপস্থিত হৈছিল অসম মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা । নিশাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সীমা সমস্যা সমাধানৰ অৰ্থে দুয়োখন ৰাজ্যই একোখনকৈ সমিতি গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । সেই সমিতি দুখনত শাসক দলৰ লগতে বিৰোধী পক্ষৰো সদস্যক অন্তৰ্ভুক্ত কৰা হ’ব । তদুপৰি দুয়ো ৰাজ্যৰ এই সমিতি দুখন সময়ে সময়ে বৈঠকত মিলিত হ’ব আৰু সীমা সমস্যা সমাধানৰ চেষ্টা চলাব । প্ৰয়োজন সাপেক্ষে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীও আলোচনাত বহিব ।
![Assam-Mizoram CMs meet at Amit Shah's residence](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13746391_del.jpg)
আনহাতে, লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰ(Removal of Assamese language in APSC Examination) কৰা বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, আচল কথাটো নজনাকৈয়ে বহুতে বিতৰ্কৰ সৃষ্টি কৰিছে । অসমীয়া ভাষা বা অসমৰ জনজাতীয় ভাষা সলসলীয়াকৈ ক’ব পৰা আৰু অসমৰ স্থায়ী বাসিন্দাহে লোকসেৱা আয়োগৰ পৰীক্ষাত বহিব পাৰিব । ইয়াত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে চাকৰি পাব বুলি কৰা আশংকা অমূলক বুলিও তেওঁ মন্তব্য কৰে । তেওঁ কংগ্ৰেছ বিধায়ক ভৰত নৰহে কেবিনেটৰ এই সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে চৰকাৰক ৭২ ঘন্টা সময় ধৰি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এনে কাৰ্যৰ বাবে অসমৰ ৰাইজে ভৰত নৰহক অভিশাপহে দিব ।
লগতে পঢ়ক : Inter state border dispute : সীমা সমস্যাক লৈ অমৃত শ্বাহক সাক্ষাৎ অসম-মিজোৰামৰ মুখ্যমন্ত্ৰীৰ