ETV Bharat / city

আকৌ ডেপুটেছনত ওলাইছে দুই IAS বিষয়া

author img

By

Published : Sep 7, 2022, 1:30 PM IST

Updated : Sep 7, 2022, 4:21 PM IST

সকলো যদি ঠিকে ঠাকে থাকে তেন্তে চলিত মাহৰ ভিতৰতে হয়তো দুয়োগৰাকী আই এ এছ বিষয়াই অসম এৰিব ৷ এই দুই শীৰ্ষ আই এ এছ বিষয়া হ'ল ক্ৰমে ছৈয়দিন আব্বাছী (IAS Sayad Abbasi) আৰু নীৰজ বাৰ্মা (IAS Niraj Barma) ৷

আকৌ ডেপুটেছনত ওলাইছে দুই IAS বিষয়া
আকৌ ডেপুটেছনত ওলাইছে দুই IAS বিষয়া

নিউজ ডেস্ক, 7 ছেপ্টেম্বৰ: পুনৰ অসম এৰি কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেছনত (Central Government deputation) যাবলৈ ওলাইছে অসম-মেঘালয় কেডাৰৰ দুগৰাকী শীৰ্ষ আই এ এছ বিষয়া (Assam Meghalaya cadre IAS) ৷ সকলো যদি ঠিকে ঠাকে থাকে তেন্তে চলিত মাহৰ ভিতৰতে হয়তো দুয়োগৰাকী আই এ এছ বিষয়াই অসম এৰিব ৷ এই দুই শীৰ্ষ আই এ এছ বিষয়া হ'ল ক্ৰমে ছৈয়দিন আব্বাছী (IAS Sayad Abbasi) আৰু নীৰজ বাৰ্মা (IAS Niraj Barma) ৷

অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া নীৰজ বাৰ্মাই সম্প্ৰতি ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে ৷ ইয়াৰ উপৰি নতুন দিল্লীৰ অসম ভৱনৰ (Assam Bhavan Delhi) আৱাসিক আয়ুক্তৰ অতিৰিক্ত দায়িত্বতো আছে নীৰজ বাৰ্মা ৷

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেছনত দিল্লীলৈ যাবলৈ ওলোৱা আনগৰাকী আই এ এছ বিষয়া ছৈয়দিন আব্বাছী বৰ্তমান জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপৰিও জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য সচিব পদত অধিস্থিত হৈ আছে ৷

মন কৰিবলগীয়া যে আজিৰ তাৰিখলৈকে অসম-মেঘালয় কেডাৰৰ মুঠ 22 গৰাকী আই এ এছ বিষয়াই অসম এৰি থৈ ডেপুটেছনত আছেগৈ ৷ এই সকলৰ ভিতৰত 19 গৰাকী আছে কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেছনত আৰু বাকী 3 গৰাকী আছে আন্তঃৰাজ্যিক ডেপুটেছনত (Inter state deputation) ৷

উল্লেখ্য যে শেহতীয়াকৈ অসম এৰি থৈ কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেছনত গৈছিল অসম-মেঘালয় কেডাৰৰ আন এগৰাকী আই এ এছ বিষয়া অৰ্চনা বাৰ্মা ৷ বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ নেছনেল জল মিছনৰ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰি আছে অৰ্চনা বাৰ্মাই ৷

লগতে পঢ়ক: কোকৰাঝাৰ কেবিনেটৰ সিদ্ধান্ত: প্ৰণয়ন হ’ব আৰক্ষী দায়বদ্ধতা আইন

Last Updated : Sep 7, 2022, 4:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.