নিউজ ডেস্ক, 6 জানুৱাৰী : অসম হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ সূচী প্ৰকাশ কৰিলে অসম মাধ্যমিক শিক্ষা সংসদে । 11 মে’ৰ পৰা ইংৰাজী পৰীক্ষাৰে হ’ব মেট্ৰিক পৰীক্ষাৰ আৰম্ভণি । ইয়াৰ লগতে ব্যৱহাৰিক পৰীক্ষাৰো সময়সূচী প্ৰকাশ কৰিছে সংসদে ।

প্ৰতিবছৰে ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ মাৰ্চৰ শেষ সপ্তাহলৈ চলা মেট্ৰিক পৰীক্ষাৰ সময়সূচী এইবাৰ কৰ’ণাৰ বাবে পিছুৱাই দিয়া হৈছিল ৷ সময়সূচী অনুসৰি, ব্যৱহাৰিক পৰীক্ষাসমূহ 4-5 মাৰ্চৰ ভিতৰত অনুষ্ঠিত হ’ব আৰু আৰু লিখিত পৰীক্ষাসমূহ 11 মে’ৰ পৰা 1 জুনলৈ অনুষ্ঠিত হ’ব ৷ 7 জুলাইৰ ভিতৰত ফলাফলসমূহ ঘোষণা কৰিব সংসদে ৷

ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই প্ৰকাশ কৰা অনুসৰি, 874 টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষাসমূহ ৷ পৰীক্ষাৰ উপস্থিতি অনলাইনযোগে গ্ৰহণ কৰা হ’ব ৷ 39টা পৰীক্ষণ কেন্দ্ৰত প্ৰতিটোতে চাৰিগৰাকীকৈ কম্পিউটাৰ বিশেষজ্ঞৰ উপস্থিতিত উত্তৰবহীসমূহ পৰীক্ষণ কৰা হ’ব ৷ পৰীক্ষাকেন্দ্ৰসমূহত চিচিটিভিৰ লগতে কোভিড প্ৰতিৰোধী সকলো নীতি-নিৰ্দেশনা পালন কৰা হ’ব ৷
বিগত বৰ্ষত 3,59,444 গৰাকী শিক্ষাৰ্থীয়ে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ আনহাতে 30 বছৰ পিছত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অভিলেখ গঢ়িব পৰীক্ষাৰ্থীয়ে ৷ মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ছেবাৰ পাঠ্যক্ৰমত অৱতীৰ্ণ হ’ব সৰ্বাধিক সংখ্যক শিক্ষাৰ্থী ।
এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব 4,39,303 গৰাকী পৰীক্ষাৰ্থী । ইয়াৰে ছাত্ৰীতকৈ ছাত্ৰৰ সংখ্যা এইবাৰ সৰ্বাধিক । কোভিড পৰিস্থিতি সত্ত্বেও এই সংখ্যাই অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে 2015ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 3,86,783 গৰাকী পৰীক্ষাৰ্থী । 1989 চনৰ পিছত এই সংখ্যা সৰ্বাধিক আছিল । 9 মাহ ধৰি বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ বাবে এইবাৰ পূৰ্বতকৈ 30 শতাংশ হ্ৰাস কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাঠ্যক্ৰম । কোভিডৰ বাবে বিদ্যালয়সমূহৰ পাঠদান বন্ধ হৈ থকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই । পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে এখন বিশেষ কমিটী গঠন কৰাৰ সিদ্ধান্ত হাতত লোৱা হৈছে ।
লগতে পঢ়ক : হাইস্কুল শিক্ষান্ত পৰীক্ষা, 2021 বৰ্ষৰ বাবে 30% পাঠ্যক্ৰম হ্ৰাস কৰাৰ সিদ্ধান্ত ছেবাৰ