ETV Bharat / city

বাঘজান বিস্ফোৰণ নিয়ন্ত্ৰণলৈ আনিবলৈ বায়ুসেনাৰ সহায় বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Jun 9, 2020, 6:11 PM IST

Updated : Jun 9, 2020, 6:17 PM IST

বিগত 27 মে'ৰ পৰা নিৰ্গত হৈ থকা বাঘজান তৈলখাদ বিস্ফোৰণস্থলীত আজি জুয়ে আগুৰি ধৰে ৷ ইতিমধ্যে হৈ থকা গেছ নিৰ্গমণ ৰোধ কৰিবলৈ ছিংগাপুৰৰ পৰা বিশেষজ্ঞৰ দল পৰহিয়ে আহি বাঘজানত উপস্থিত হৈছিল যদিও গেছ নিৰ্গমণ ৰোধ কৰাত দলটো সম্পূৰ্ণৰূপে বিফল হৈছে ৷ ইতিমধ্যে ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

বাঘজানৰ বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, 9 জুনঃ বাঘজানৰ জুই নিৰ্বাপন কৰিবলৈ ভাৰতীয় বায়ুসেনা বাহিনীৰ সহায় বিচাৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অনুৰোধ জনাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে ৷ ভাৰতীয় বায়ুসেনা বাহিনীৰ সহায়ত বাঘজানত সংঘটিত অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ বিচাৰিছে অসম চৰকাৰে ৷

বাঘজানত সংঘটিত হোৱা বিস্ফোৰণক লৈ মুখ্যমন্ত্ৰীয়ে সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিস্ফোৰণ সন্দৰ্ভত স্থানীয় ৰাইজৰ নিৰাপত্তা নিশ্ছিত কৰিবলৈ জিলা প্ৰশাসনৰ লগতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশনা প্ৰদান কৰিছে ৷ বিস্ফোৰণস্থলীৰ চাৰিওদিশৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসন, আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ লগতে এনডিআৰএফ বাহিনী ইতিমধ্যেই বাঘজানত উপস্থিত হৈছে ৷

গোটেই বিষয়টো সন্দৰ্ভত ভাৰত চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অৱগত কৰাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীক তৎকালীনভাৱে ফলপ্ৰসূ সিদ্ধান্ত ল'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সোণোৱালে ৷ বাঘজানৰ বিস্ফোৰণৰ ঘটনা ৰোধ কৰিবলৈ ভাৰতীয় বায়ুসেনা বাহিনীৰ সহায় লবলৈ অসম চৰকাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অনুৰোধ জনাইছে ৷

অসম চৰকাৰে অইল আৰু এএনজিচিৰ সহযোগত তথা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী তথা এনডিআৰএফে সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কাম কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে ৷ মুখ্যমন্ত্ৰীয়ে ঘটনা সন্দৰ্ভত ৰাইজক উত্তেজিত নহ'বলৈ আহ্বান জনাইছে আৰু ৰাইজৰ নিৰাপত্তা তথা অগ্নিকাণ্ড ৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ ক্ৰমাৎ বৃদ্ধি পাইছে বাঘজান তৈলক্ষেত্ৰৰ জুই

Last Updated : Jun 9, 2020, 6:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.