ETV Bharat / city

Developmental projects in Guwahati: জন্মদিনৰ দিনাই মহানগৰবাসীলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ

author img

By

Published : Feb 1, 2022, 8:58 PM IST

মঙলবাৰে ৰাধা গোবিন্দ বৰুৱা পথৰ জু-তিনিআলিৰ দুইলেনযুক্ত উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ মাংগলিক শুভাৰম্ভ কৰি জন্মদিনৰ দিনাই মহানগৰবাসীৰ বাবে বহুকেইটা প্ৰকল্প ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta biswa sarma announces various developmental projects in Guwahati) ৷

cm-himanta-biswa-sarma-announce-many-project-on-his-birthday-in-guwahati
জন্মদিনৰ দিনাই মহানগৰবাসীলৈ উপহাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 1 ফেব্ৰুৱাৰী : আজি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ 53 বছৰীয়া জন্মদিন (CM Himanta Biswa Sarma birthday) ৷ জন্মদিনৰ দিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰবাসীৰ বাবে ঘোষণা কৰিলে কেবাটাও প্ৰকল্প ৷ এই প্ৰকল্পকেইটাৰ কাম আগন্তুক তিনিবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মঙলবাৰে ৰাধা গোবিন্দ বৰুৱা পথৰ জু-তিনিআলিৰ দুইলেনযুক্ত উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ মাংগলিক শুভাৰম্ভ কৰি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Himanta biswa sarma announces various developmental projects in Guwahati) ৷

সেইমৰ্মে মহানগৰীৰ গুৱাহাটী ক্লাৱৰ পৰা বামুনিমৈদামলৈ উৰণীয়া সেতু, মহানগৰীত এখন চেটেলাই চিটি, গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজ, ফাঁচীবজাৰ এম জি ৰোড, চিৰিয়াখানাত পদ দলং, মহানগৰীৰ কেইবাটাও স্থানত এচি বাছ আস্থান, দুখনকৈ উদ্যান, এখন উদ্ভিদ উদ্যান, শুৱালকুছি-পলাশবাৰী সংযোগী দলং, মহানগৰীত 300 খন ইলেক্ট্ৰিক বাছ আৰু CNG বাছ চলাৰ ব্যৱস্থা, অট’মেটিক ট্ৰেফিক চিগনেল নিৰ্মাণৰ উপৰিও গীতা মন্দিৰ ,অশ্বক্লান্ত দেৱালয় আৰু উমানন্দ মন্দিৰ সুন্দৰকৈ সজাই পৰাই তোলাৰ প্ৰকল্প লৈছে ৰাজ্য চৰকাৰে ।

লগতে জুৰোড তিনিআলিত হ'ব লগা উৰণীয়া সেতু 2023 চনৰ বহাগ মাহত ৰাইজলৈ উপহাৰ দিয়া হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ প্ৰায় 78 কোটি 93 লাখ টকা খৰচৰ বাবদ নিৰ্মাণ হ’বলগীয়া এই উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য 580 মিটাৰ আৰু বহল 7.50 মিটাৰ । তদুপৰি চিৰিয়াখানাৰ সন্মুখৰ যান-জঁট কমাবলৈ ৰটাৰী নিৰ্মাণ কৰা হ'ব । লগতে এই বছৰতে মে-জুন মাহৰ ভিতৰত কালাপাহাৰত নিৰ্মাণ হৈ থকা উৰণীয়া সেঁতুখনৰ কাম সম্পূৰ্ণ কৰাৰ লগতে মালিগাঁৱত নিৰ্মাণ কৰি থকা উৰণীয়া সেঁতুখনৰো সময়ৰ আগতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইপিনে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন অহা বছৰ ডিচেম্বৰত উদ্বোধন কৰাৰ লগে লগে গুৱাহাটীয়ে সম্প্ৰসাৰণৰ নতুন গতি লাভ কৰিব । তদুপৰি মহানগৰীত চেটেলাইট চিটিৰ কাম আৰম্ভ হোৱাৰ লগতে 28 ফেব্ৰুৱাৰীৰ আগতে মহানগৰীৰ দ্বিতীয়খন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব আৰু 36 মাহৰ ভিতৰত মেডিকেল কলেজখনৰ কাম সম্পূৰ্ণ হ’ব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

আনহাতে এই বৰ্ষতে গুৱাহাটী ক্লাৱৰ পৰা বামুনিমৈদামলৈ চাৰিলেণযুক্ত উৰণীয়া সেঁতুৰ কাম আৰম্ভ হ’ব । লগতে প্ৰায় 18 কোটি টকা ব্যয়ৰে চিৰিয়াখানা, পল্টনবজাৰ আৰু ফাঁচী বজাৰত পদ দলং নিৰ্মাণ কৰাৰ লগতে মহানগৰীত উদ্যান, শীত তাপ নিয়ন্ত্ৰিত বাছ আস্থান, প্ৰায় 4-5 মাহৰ ভিতৰত 300খন ইলেক্টিক আৰু CNG বাছ চলাৰ উপৰিও মহানগৰীত যান জঁট নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি অটোমেটিক ট্ৰেফিক চিগনেলৰ জৰিয়তে যান-জঁটৰ সমস্যা দূৰ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : #Budget2022: প্ৰত্যাশা স্বত্বেও সালসলনি নহ’ল ব্যক্তিগত আয় কৰৰ হাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.