নিউজ ডেস্ক, 6 মাৰ্চ : 2018 বৰ্ষত কৃষক ঋণ ৰাজ সাহায্য আঁচনিৰ দ্বাৰা কৃষি ঋণৰ তৎকালীন পৰিশোধৰ বাবে 25 শতাংশ ৰাজ সাহায্যৰ ব্যৱস্থা কৰিচিল চৰকাৰে ৷ এই ক্ষেত্ৰত ৰাজসাহায্যৰ সৰ্বোচ্চ সীমা 25হাজাৰ টকা নিৰ্ধাৰণ কৰা হৈছে আৰু 2019 চনৰ ডিচেম্বৰ পৰ্যন্ত 1,15,302 গৰাকী কৃষক ইয়াৰ দ্বাৰা উপকৃত হৈছে ৷ আনহাতে শস্য ঋণৰ ক্ষেত্ৰতো 3 শতাংশ সুদ ৰেহাই আঁচনিত হিতাধিকাৰীৰ সংখ্যা 1,01,634 ৰপৰা বৃদ্ধি হৈ 2,97,587 গৰাকী হৈছেগৈ ৷ তাৰোপৰি কৃষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে 67,452 গৰাকী কৃষকক দহ হাজাৰ টকাকৈ আগবঢ়োৱা হৈছে ৷ এই প্ৰচেষ্টাই ধান উৎপাদনৰ ক্ষেত্ৰটো সহায় আগবঢ়াইছে ৷ 2018-19 বৰ্ষত মুঠ ধান উৎপাদনৰ পৰিমাণ হৈছে 89.29 লাখ মেট্ৰিক টন৷ প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ অধীনত 27 লাখ কৃষকে অনুদান লাভ কৰিছে ৷ ইয়াৰ বাবে ব্যয় হৈছে 1609 কোটি টকা ৷ মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলিৰ অধীনত প্ৰায় 250 কোটি টকা মোকলাই দিয়া হৈছে ৷ ইয়াৰ দ্বাৰা 5 লাখ কৃষকে প্ৰত্যেকেই 5 হাজাৰকৈ টকা পাব ৷ 2020 চনৰ 31 মাৰ্চৰ ভিতৰত 6 লাখ কৃষকলৈ 300 কোটি টকা মোকলাই দিয়াৰ কথা ঘোষণা কৰিছে চৰকাৰে ৷
অসম চৰকাৰে 2020 চনৰ ভিতৰত কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কৃষিখণ্ডত নতুনত্বৰ সঞ্চাৰ কৰিবলৈ 'ভূমি স্বাস্থ্য পৰ্ণিকা'ৰ প্ৰৱৰ্তন কৰা হৈছে ৷ 2019-20 বৰ্ষত মুঠ 25,27,830 খন পৰ্ণিকা প্ৰদান কৰা হৈছে আৰু আন 3.5 লাখ খন পৰ্ণিকা 2020-21 বৰ্ষত প্ৰদানৰ দিহা কৰিছে চৰকাৰে ৷
2019 বৰ্ষত খাৰিফ শস্যৰ বতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত 1,90,905 গৰাকী কৃষক আৰু 1,18,536.8 হেক্টৰ ভূমি সামৰি লোৱা হৈছিল ৷ আনহাতে, 2019-20 বৰ্ষত ৰবি শস্যৰ বতৰত 11,450 গৰাকী কৃষক আৰু 9,451.84 হেক্টৰ ভূমি এই যোজনাত সামৰি লোৱা হৈছে ৷ এই আঁচনিৰ অধীনত 5 লাখ কৃষকক সামৰি লোৱাৰ পৰিকল্পনা কৰিছে চৰকাৰে ৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত 701 কোটি টকা মূলধনী ৰাজ সাহায্যসহ 11,426 খন ট্ৰেক্টৰ বিতৰণ কৰিছে চৰকাৰে ৷ ইয়াৰ দ্বাৰা উপকৃত হৈছে 2,24,470 গৰাকী কৃষক ৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত 2020-21 বিত্তীয় বৰ্ষত 8550 খন অতিৰিক্ত ট্ৰেক্টৰ 23,000খন ৰাজহ গাঁৱত বিতৰণ কৰা হ'ব ৷
কৃষিৰ যান্ত্ৰিকীকৰণৰ উপৰিও সৌৰশক্তি আৰু ডিজেল উভয়েৰে চালিত মুঠ 69,450 টা অগভীৰ নলীনাদ বিতৰণ কৰিব চৰকাৰে ৷ "অসম কৃষি-ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প"ৰ ধীনত আলু ৰোপণ আৰু আলু চপোৱা যন্ত্ৰ ব্যৱহাৰ কৰি নচহোৱা মাটিত আলু খেতিৰ নমুনা প্ৰদৰ্শনৰ কথা ঘোষণা বাজেটত ৷ 2020-21 বৰ্ষৰ বাবে কৃষি বিভাগলৈ মুঠ 151 কোটি টকা আৱণ্টন কৰা হৈছে ৷
পশুপালন আৰু পশু চিকিৎসাৰ ক্ষেত্ৰত 2020চনৰ এপ্ৰিল মাহৰ ভিতৰত 'নগৰ গাখীৰ যোগান আঁচনি' কাৰ্যক্ষম কৰাৰ কথা ঘোষণা বিত্তমন্ত্ৰী গৰাকীৰ ৷ পশুপালন আৰু পশু চিকিৎসাৰ ক্ষেত্ৰত 'অসম ধেনু' আঁচনি ৰূপায়নৰ জৰিয়তে সম্পূৰ্ণ কম্পিউটাৰাইজ বহুমুখী এপ্লিকেশ্যন সাজু কৰা হৈছে ৷ আগন্তুক বিত্তীয় বৰ্ষত 408 কোটি টকা ব্যয় কৰা হ'ব এই শিতানত ৷
মীন বিভাগৰ ক্ষেত্ৰত 100 কোটি টকা বিত্তীয় আবন্টনেৰে চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰা 'মৎস্য জাগৰণ' ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ শীৰ্ষক আঁচনিখন অতিশীঘ্ৰে সম্পূৰ্ণ হ'ব ৷ মীন বিভাগে অসমৰ থলুৱা মাছ সমূহ মাছসমূহৰ প্ৰজাতিৰ সবিশেষ সন্নিৱিষ্ট অখন পুস্তিকা প্ৰস্তুত কৰিছে আৰু 2020-21 বিত্তীয়বৰ্ষত এই পুস্তিকা প্ৰকাশ পাব ৷ মীন বিভাগৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে 97 কোটি টকা ৷