গুৱাহাটী, 2 ফেব্ৰুৱাৰী : ৰাজ্যজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ । দেওবাৰে গুৱাহাটীৰ মাছখোৱাতো 'কা'ৰ বিৰুদ্ধে একত্ৰিত হয় মহানগৰীৰ নাৰীসমাজ । অন্নপূৰ্ণা মহিলা সংঘ, আঞ্জুমানে খাৱতীনে ইছলাম, শান্তি সভা মহিলা সমিতি, প্ৰকাশ জ্যোতি মহিলা সমিতিকে ধৰি মহানগৰীৰ কেইবাটাও মহিলা সংগঠনে একত্ৰিত হৈ আয়োজন কৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গণ অৱস্থান কাৰ্যসূচী । মহিলা সমাজৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ তথা বুদ্ধিজীৱি ড০ হিৰেণ গোহাঁই, আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, জ্যেষ্ঠ অধিৱক্তা শৈলেন্দ্ৰ শৰ্মা, শিক্ষাবিদ আব্দুল মান্নানকে প্ৰমুখ্য কৰি ভালেমান বিশিষ্ট ব্যক্তি ।
জাতি-ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে 'কা'ৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম চলাই নিয়াৰ আহ্বান জনাই বিশিষ্ট চিন্তাবিদ তথা বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁয়ে । চৰকাৰে কৰা দমনৰ বিৰুদ্ধেও ক্ষোভ উজাৰে বিশিষ্ট বুদ্ধিজীৱিগৰাকীয়ে । ইফালে মহিলাসমাজৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । তাৰোপৰি সংখ্যাৰ বলত 'কা' সংসদত গৃহীত হৈছে কিন্তু ৰাইজৰ আদালতত গৃহীত হোৱা নাই বুলিও শাসকীয় পক্ষক সকিয়নী প্ৰদান কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷
আৰু পঢ়ক : জয়পুৰত কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত তিনিজনক চিকিৎসাধীন