গুৱাহাটী, 17 অক্টোবৰ : শুকুৰবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হয় অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ এই অনুষ্ঠানত 2019-20 বৰ্ষৰ 24 গৰাকী ক্ৰিকেটাৰক আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হয় ৷


পুৰস্কাৰপ্ৰাপ্ত ক্ৰিকেটাৰ তথা ক্লাবসমূহক পুৰস্কাৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ যুৱ প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও পদক্ষেপৰ কথা ঘোষণা কৰে ৷ ক্ৰিকেটাৰসকলৰ মনোবল বৃদ্ধিৰ অৰ্থে এই অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম ক্ৰিকেট সন্থাই ৷ চলিত বৰ্ষৰ পৰা সন্থাই আৰম্ভ কৰিছে বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ ৷

লগতে পঢ়ক : 20 অক্টোবৰত মুকলি হব গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেঁতু